আৰক্ষীৰ গুলীত নিহত হোৱা এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি ক্ৰমান্বয়ে ফ্ৰান্সত নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ সৃষ্তি হৈছে ৷ সেয়েহে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মেক্ৰন চৰকাৰে ফ্ৰান্সৰ ৰাজপথত ৪৫ হাজাৰ নতুন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰে। ইয়াৰে ৫০০০ সৈন্য কেৱল পেৰিছতে নিয়োগ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰিছে। সেনাবাহিনীৰ সমান্তৰালকৈ চৰকাৰে পথসমূহত অস্ত্ৰৰে সাজসজ্জিত বাহনো মোতায়েন কৰিছে। চৰকাৰী সূত্ৰৰ মতে, দেশজুৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে চৰকাৰে আগন্তুক ২৪ ঘণ্টাক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে। আৰু তাৰ বাবে সমগ্ৰ দেশতে নতুন বাহিনী আৰু অস্ত্ৰ সম্বলিত বাহন মোতায়েন কৰা হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে নিশা ফ্ৰান্সত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত ৪৯২টা চৰকাৰী অট্টালিকা ক্ষতিগ্ৰস্ত হয়। প্ৰায় দুহেজাৰ গাড়ী জ্বলি যায়। ইয়াৰ বাহিৰেও প্ৰায় চাৰি হাজাৰ ঠাইত জুই লগাই দিয়া হয়। মাৰ্চেইলৰ আটাইতকৈ ডাঙৰ পুথিভঁৰালটোও জ্বলাই দিয়া হয়। সেই পুথিভঁৰালৰ বেছিভাগ কিতাপ জ্বলি ছাই হৈ গ’ল। ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
প্ৰসংগক্ৰমে মঙলবাৰে পেৰিছত যান-বাহন আইন উলংঘা কৰাৰ অপৰাধত এজন ১৭ বছৰীয়া যুৱকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। থিতাতে তেওঁৰ মৃত্যু হয়। সেই ঘটনাৰ বাবেই ফ্ৰান্সত হিংসা বিয়পি পৰিছে। চৰকাৰৰ বিৰুদ্ধে জাতিগত বৈষম্যকে ধৰি একাধিক অভিযোগ লৈ ৰাজপথলৈ ওলাই আহিছে শ শ লোক। বহু দোকান-পোহাৰ, অট্টালিকা জ্বলাই দিয়া হৈছে ৷ এখন বন্দুকৰ দোকানতো লুটপাত হয়। শনিবাৰে এই হিংসাই পঞ্চম দিনত প্ৰৱেশ কৰে। কিন্তু পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহ’ল।
চৰকাৰী সূত্ৰৰ মতে, পেৰিছত বিয়পি পৰা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত প্ৰায় ৯০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় ৩০০ আৰক্ষী বিষয়া আহত হয়। সেই দেশৰ প্ৰতিবাদকাৰীৰ অধিকাংশই নৱপ্ৰজন্ম বুলিও চৰকাৰে প্ৰকাশ কৰিছে। আৰু সেইবাবেই ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে অভিভাৱকসকলক নিজৰ সন্তানক হিংসাৰ পৰা আঁতৰাই ৰাখিবলৈ বাৰ্তা দিছে।