শাৰীৰিক সম্পৰ্কত ছোৱালীৰ সন্মতিৰ বয়স ১৮ বছৰ। ১৮ বছৰ বয়সৰ পূৰ্বে নাবালক বুলি চিনাক্ত কৰা হয় । মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এই সমীকৰণ সলনি কৰিব বিচাৰিছে। উচ্চ ন্যায়ালয়ে শাৰীৰিক সম্পৰ্কত ছোৱালীৰ সন্মতিৰ বয়স ১৮ বছৰৰ পৰা ১৬ বছৰলৈ হ্ৰাস কৰিব বিচাৰে। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ ওচৰত আবেদন জনাইছে।
এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপক কুমাৰ আগৰৱালাই কয় যে ২০১২ চনত আইন সংশোধন কৰি ছোৱালীৰ শাৰীৰিক সম্পর্কৰ বাবে সন্মতিৰ বয়স ১৬ বছৰৰ পৰা ১৮ বছৰলৈ বৃদ্ধি কৰা হৈছে। ই সমাজত জটিলতাৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়া আৰু অন্যান্য প্ৰযুক্তিৰ বাবে ল’ৰা-ছোৱালী উভয়েই আজিকালি দ্ৰুত বয়ঃসন্ধিত প্ৰৱেশ কৰে বুলি ন্যায়াধীশ গৰাকীয়ে পৰ্যবেক্ষণ কৰিছে। তেওঁলোকৰ মানসিক বিকাশ পূৰ্বতকৈ বহু বেছি দ্ৰুত। ১৪ বছৰ বয়সৰ আশে-পাশে ছোৱালীয়ে যৌৱনকালৰ সাক্ষী হয়। একে বয়সৰ ল’ৰাৰ প্ৰতি আকৰ্ষিত হয়। দুয়োৰে সন্মতি সাপেক্ষে শাৰীৰিক সম্পৰ্কও গঢ় লৈ উঠে। কিন্তু আইনৰ দৃষ্টিত ১৮ বছৰৰ আগৰ ছোৱালী প্ৰাপ্তবয়স্ক নহয়। গতিকে বহু ক্ষেত্ৰত ল’ৰাৰ লগত অন্যায় কৰা হৈছে।
উল্লেখ্য যে ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল এগৰাকী ২০ বছৰীয়া যুৱক। অভিযোগ অনুসৰি ছমাহ ধৰি ছোৱালীজনীৰ সৈতে তেওঁ যৌন সম্পৰ্ক স্থাপন কৰিছিল। ২০২০ চনৰ এপ্ৰিল মাহত কিশোৰীগৰাকী গৰ্ভৱতী হয়। সেই বছৰৰ জুলাই মাহত গ্ৰেপ্তাৰ হৈছিল যুৱকজনক। তেওঁৰ বিৰুদ্ধে পকছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। তিনি বছৰ ধৰি কাৰাগাৰত থকাৰ পিছতো জামিন লাভ কৰা নাই।
ন্যায়াধীশে পৰ্যবেক্ষণ কৰি কয় যে এই গোচৰত যুৱকজন নিৰ্দোষী। ছোৱালীজনীৰ লগত তেওঁৰ সন্মতিসূচক সম্পৰ্ক আছিল। বিচাৰকজনে অনুভৱ কৰিলে যে যুৱকজনৰ কোনো কু-অভিপ্ৰায় নাই। তেওঁ অভিযুক্তক মুকলি কৰিবলৈ নির্দেশ দিছে । লগতে ছোৱালীৰ সন্মতিৰ বয়স ১৬ বছৰলৈ হ্ৰাস কৰিবলৈ কেন্দ্ৰক অনুৰোধ জনায়। তেতিয়াহে নাবালক ল’ৰাৰ প্ৰতি হোৱা ‘অবিচাৰ’ বন্ধ কৰিব পৰা যাব।