নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহৰ ওপৰেৰে উৰি যোৱা ড্ৰ’ন সন্দৰ্ভত তথ্য লাভ কৰিছে দিল্লী আৰক্ষীয়ে। এই ঘটনাৰ পাছত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীৰ বিষয়াসকলে। মন কৰিব যে দিল্লী আৰক্ষী কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ।
আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ৫ বজাত বিশেষ সুৰক্ষা গোটৰ সদস্যসকলে দিল্লী আৰক্ষীক এই বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ কামত নিয়োজিত এছ পি জিৰ বিষয়াসকলে প্ৰথমে ড্ৰোনটো লক্ষ্য কৰিছিল। এই তথ্য লাভ কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ বাসগৃহ ‘নো ফ্লাই জ’ন’ৰ ভিতৰত পৰে। অৰ্থাৎ নিৰাপত্তাজনিত কাৰণত সেই বাসগৃহৰ ওপৰেৰে কোনো বিমান বা ড্ৰোন উৰিব নোৱাৰে। অৱশ্যে ড্ৰ’নখন কেনেদৰে উৰি গ’ল তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। ঘটনাৰ তদন্ত কৰি দিল্লী আৰক্ষীয়ে ৰহস্যজনক ড্ৰ’নখনৰ সন্ধান আৰম্ভ কৰে। বিমান পৰিবহণ নিয়ন্ত্ৰণ (এটিচি)ৰ সৈতেও যোগাযোগ কৰা হয়। কিন্তু তেনে কোনো ড্ৰোন পোৱা নগ’ল। এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে, ‘প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত এটা অচিনাক্ত উৰণীয়া বস্তু দেখা পোৱাৰ তথ্য আমি লাভ কৰিছো। আমি কাষৰ অঞ্চলটোত সন্ধান চলালো আৰু তেনেকুৱা একো নাপালোঁ। এ টি চিৰ সৈতেও যোগাযোগ কৰা হৈছে। তেওঁলোকেও তেনেকুৱা একো লক্ষ্য কৰা নাছিল।” এতিয়া প্ৰশ্ন হয় যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে কি দেখিলে আৰু যদি সঁচাকৈয়ে ড্ৰ’নখন উৰি আছিল, কোনে উৰুৱাইছিল? ইয়াৰ আৰঁত কি উদ্দেশ্য আছিল ?