চীনৰ যুৱ প্ৰজন্মই বিবাহৰ প্ৰতি ক্ৰমাৎ বিমুখ হৈ পৰিছে! শেহতীয়াকৈ চীনৰ ‘নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছ’ৰ দ্বাৰা প্ৰকাশিত এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে । সমীক্ষা অনুসৰি ২০১৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱা লোকৰ সংখ্যা ৪১ শতাংশ হ্ৰাস পাইছে। কিন্তু পৰিয়াল গঢ়িবলৈ অনিচ্ছা কিয়? ঘৰুৱা হিংসাৰ ভয়টোৱেই হৈছে বিবাহত প্ৰৱেশ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ মূল কাৰণ বুলি বাতৰি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস, লিংগ বৈষম্য আদি অন্যতম কাৰণ ৷
প্ৰশাসনৰ সূত্ৰ অনুসৰি বিগত ১০ বছৰত চীনত বিবাহৰ হাৰ হ্ৰাস পাইছে। এসময়ত বিশ্বৰ সৰ্বাধিক জনবহুল দেশত বিবাহৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছিল। ঘৰুৱা হিংসাক বিবাহৰ হাৰ হ্ৰাস পোৱাৰ মূল কাৰণ হিচাপে বিশেষজ্ঞসকলে বহুলভাৱে গ্ৰহণ কৰিছে ৷
প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে চীনৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ বিয়পি পৰিছিল। ইয়াত এজন পুৰুষে বাৰে বাৰে এগৰাকী মহিলাৰ ওপৰেৰে গাড়ী চলাই থকা দেখা গৈছে। এটা সময়ত মানুহজনে গাড়ীখন ৰখাই পত্নীৰ মৃত্যু হৈছে নে নাই চাবলৈ চেষ্টা কৰে। পিছত পোহৰলৈ আহিল যে বৈবাহিক অস্থিৰতাৰ বাবেই তেওঁ তেনে ঘটনা সংঘটিত কৰিছিল। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে চীন আৰক্ষীয়ে। অৱশ্যে এই ‘ট্ৰেণ্ডিং’ ভিডিঅ’টো দেখাৰ পিছতে বহু লোকে বিশেষকৈ মহিলাসকলে ছ’চিয়েল মিডিয়াত বৈবাহিক জীৱনৰ অসহায়তাৰ বাতৰি প্ৰকাশ কৰিছে । বহুতে মন্তব্য কৰে যে তেওঁলোকৰ জীৱন ঘৰুৱা হিংসাৰ দ্বাৰা প্ৰভাৱিত হৈছে। এগৰাকী মহিলাই নিজৰ অভিজ্ঞতাৰ বিষয়ে লিখি কয় যে স্বামীৰ প্ৰহাৰৰ ফলত কেইবা সপ্তাহো চিকিৎসালয়ত কটাবলগীয়া হৈছিল। বিয়াৰ প্ৰথম ২৪ মাহত ১৬ বাৰ স্বামীৰ দ্বাৰা নিৰ্যাতিত হোৱা বুলিও কয় তেওঁ । বিবাহ বিচ্ছেদ ল’বলৈ চেষ্টা কৰিছিল যদিও নিৰ্যাতন আৰু অত্যাচাৰৰ সন্মুখীন হৈছিল। এই ঘটনাৰ উপৰিও ঘৰুৱা হিংসাৰ ফলত পত্নীৰ মৃত্যুও চীনা সমাজত এক পৰিচিত পৰিঘটনা।
অৱশ্যে যোৱা বছৰ চীনত বিবাহ বিচ্ছেদৰ হাৰ যথেষ্ট কম আছিল। বিভিন্ন মহলে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কঠোৰ নিষেধাজ্ঞাৰ ফলত বিবাহ বিচ্ছেদৰ সংখ্যা হ্ৰাস পোৱা বুলি দাবী কৰে। কিন্তু ইয়াৰ প্ৰভাৱ বিবাহৰ ওপৰতো পৰে।