নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ কাষৰ এখন ধাবাত প্ৰৱেশ কৰিলে ট্ৰাক। মহাৰাষ্ট্ৰৰ মুম্বাই-আগ্ৰা ঘাইপথত সংঘটিত এই ঘটনাত কমেও ১৫ জন লোকৰ মৃত্যু হয়। আন কমেও ২০জন গুৰুতৰভাৱে আহত হয়।
মহাৰাষ্ট্ৰৰ ধূলেৰ পালছনাৰ গাঁৱত মঙলবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ট্ৰাকখন তীব্ৰ বেগেৰে আহি আছিল। প্ৰথমে ঘাইপথত চাৰিখন বাহনত খুন্দা মাৰে। ইয়াৰ পিছত ঘাইপথৰ কাষৰ এখন ধাবাত প্ৰচণ্ড জোৰে ট্ৰাকখনে খুন্দা মাৰে ৷
দুপৰীয়াৰ সেই সময়ত বহু লোকে ধাবাৰ ভিতৰতে আহাৰ গ্ৰহণ কৰি আছিল। আকৌ ধাবাৰ কাষৰ বাছ ষ্টপেজত কিছুমান যাত্ৰী বাছৰ বাবে ৰৈ আছিল। ট্ৰাকখনৰ খুন্দাত থিতাতে ১৫ জন লোক নিহত হয় । গুৰুতৰভাৱে আহত য় ২০জন লোক।
মুম্বাইৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত পোলছনাৰ গাঁও। নিউজ এজেন্সী এ এন আইয়ে প্ৰকাশ কৰিছে এই খবৰ। স্থানীয় আৰক্ষী বিষয়াই জনোৱা মতে, ট্ৰাকখন মধ্যপ্ৰদেশৰ পৰা আহিছিল। গন্তব্যস্থান আছিল ধূলে। প্ৰাথমিক তদন্ত অনুসৰি ট্ৰাকখন ঘাইপথৰ কাষেৰে তীব্ৰ বেগেৰে গতি কৰি আছিল। হঠাৎ ট্ৰাকখনৰ ব্ৰেক বিকল হৈ গ’ল। ফলত চালকজনে গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।
মঙলবাৰে তথ্য পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আহতসকলক ততাতৈয়াকৈ শিৰপুৰ আৰু ধুল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত কেইজনমান বাছখনৰ বাবে অপেক্ষা কৰি থকা যাত্ৰী।