বহুতো লোকেৰ মতে হাঁহি থাকিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়। অনবৰতে চিন্তা কৰি থাকিলেও শৰীৰ লাহে লাহে ৰুগীয়া হৈ পৰে বুলি বহুতো লোকে বিশ্বাস কৰে। কিন্তু মন খুলি হাঁহিলে শৰীৰৰ কোনো সমস্যা নহয়। আনকি আজিকালি শৰীৰ চৰ্চাৰ বাবে জিম, যোগাসন কেন্দ্ৰ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন লাফিং চেন্টাৰ বোৰৰো প্ৰয়োজনীয়তা বাঢ়ি গৈছে।
মন ভাল থাকিলে মস্তিষ্কৰ কষ্ট বহুত লাঘৱ হয়। দুশ্চিন্তা আঁতৰে , মন পৰিষ্কাৰ হয়। ফলত ভাল কামত মনোনিবেশ কৰিব পৰা যায় আৰু কাম কৰাৰ স্পৃহাও বৃদ্ধি পায়।আনন্দ , হাঁহি , সুখৰ জৰিয়তে মানুহৰ মনত যোগাত্মক আবেগ সঞ্চাৰিত হয় আৰু সেইবাবেই হাঁহিক স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয়।
কিন্তু আচৰিত যেন লাগিলেও সঁচা যে অতিৰিক্ত হাঁহিৰ কুপ্ৰভাৱ পৰে শৰীৰৰ ওপৰত। বিশেষকৈ অতি জোৰেৰে বল দি হাঁহিলে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে।
- অতি জোৰেৰে মৰা হাঁহিক অট্টহাঁহি বুলি কোৱা হয় । বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ এক গৱেষণাৰ মতে অট্টহাঁহিক বাদ দি বাকীবোৰ স্বাস্থ্যৰ পক্ষে উপকাৰী। আনহাতে অট্টহাঁহি হাৰ্টৰ দুৰ্বলতা থকা আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা থকা লোকৰ বাবে অত্যন্ত অপকাৰী।
- হঠাৎ অট্টহাঁহি মাৰিলে কাৰ্ডিয়েক এৰেষ্ট , হাঁওফাঁওৰ বিফলতা, হাৰ্নিয়াত ৰক্ত সঞ্চালন বন্ধ হৈ যোৱা, ষ্ট্ৰোক , মস্তিষ্কৰ সুক্ষ্ম স্নায়ুত চাপ পৰা আদিৰ দৰে সমস্যাই দেখা দিব পাৰে। যাৰ ফলত হাঁহি হাঁহি কোনো লোকৰ মৃত্যুও হ’ব পাৰে।
- জোৰে জোৰে হঁহাৰ ফলত মুখত থকা লালটি দূৰলৈ ছিটিকি পৰাৰ সম্ভাৱনা থাকে। লালটিত বিভিন্ন প্ৰকাৰৰ বীজাণু থাকে যিবোৰ জোৰেৰে হাঁহিলে অন্য ঠাইত বা মানুহৰ গাত ছিটিকি পৰিব পাৰে।
যিকোনো বস্তুৰে অতিৰিক্ত সকলোৰে বাবে অপকাৰী। গতিকে নিজৰ লগতে আনৰো অপকাৰ নোহোৱাকৈ যিকোনো কাম কৰিলে সকলোৰে বাবে সহায়ক হয়।