গুৱাহাটী,৪জুলাই, ২০২৩ : ৰাজ্যখনত সুৰাৰ অবাধ প্ৰচলন কৰি আৰু সুৰাৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ বিজেপি চৰকাৰে যিধৰণে কিছু হঠকাৰী সিদ্ধান্ত গ্রহণ কৰিছে তাক অসম প্রদেশ কংগ্রেছ কমিটিয়ে তীব্র বিৰোধিতা কৰিছো। হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে যিধৰণে নিতৌ ৰাজ্যখনত বিলাতী, দেশীয় সুৰাৰ বিপনী আৰু ‘বাৰ’ৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এই চৰকাৰৰ দিনত অসম দেশৰ ভিতৰতে উন্নয়নৰ দিশত ১নং ৰাজ্য হওক বা নহওক, সুৰাৰ প্ৰচলন আৰু ইয়াৰ পৰা ৰাজহ সংগ্ৰহৰ ক্ষেত্রত কিন্তু দেশৰ ভিতৰতে ১ নং ৰাজ্য হ’বগৈ সি ধুৰূপ। এহাতেদি বিজেপি চৰকাৰে কোটি কোটি টকা খৰচ কৰি সকলো মাধ্যমতে বিজ্ঞাপন প্ৰকাশ কৰি অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ এখন কৰাৰ সপোন দেখোৱাই আৰু উন্নয়নৰ গংগা বোৱাইছে বুলি কৃতিত্ব জাহিৰ কৰে। কিন্তু, বাস্তৱত ওলোটাই বিজেপি চৰকাৰে অসমৰ “সুৰাৰ গংগা”হে বোৱাব বিচাৰিছে। নহ’লেনো ৰাজ্য চৰকাৰে গাঁৱে গাঁৱে মদৰ দোকান খুলিবলৈ অনুমতি দিয়েনে? ৰাইজৰ তুমুল অসন্তুষ্টিৰ পিছতো পুনৰ এই চৰকাৰে কি যুক্তিত ২০০০ খন নতুন সুৰাৰ দোকান স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে? কি যুক্তিত ৰাতি ১১ বজালৈ মলৰ বাৰসমূহ খোলাৰ অনুমতি দিছে। ভূতৰ ওপৰত দানৱ পৰাদি সুৰাৰ দোকানত কিয় এলকহ’লযুক্ত চকলেট প্ৰচলন কৰিব বিচাৰিছে? এইবিলাক হঠকাৰী সিদ্ধান্ত এটা প্ৰজন্মক ধ্বংস কৰাৰ বাবে ব্লুপ্ৰিন্ট সদৃশ নহয় নে?
অতি লজ্জাজনক ভাৱে অসম চৰকাৰৰ খোদ শিক্ষা মন্ত্রী গৰাকীয়ে যোৱাকালি চৰকাৰৰ সুৰানীতিৰ সমৰ্থনত যি মন্তব্য আগবঢ়ালে সি অসমৰ সমাজ জীৱনৰ বাবে অতি দুৰ্ভাগ্যজনক। শিক্ষা মন্ত্রী গৰাকীয়ে সুৰাৰ অবাধ প্ৰচলনৰ সন্দৰ্ভত এনে মন্তব্যৰ বাবে লাজ পোৱা উচিত আৰু ৰাজহুৱাকৈ ক্ষমা খোজা উচিত।
সততে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত সুৰা প্ৰীতিয়ে চুড়ান্ত ৰুপ লাভ কৰিছে। ২০১৬ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পৰা ২০২২ চনলৈ অসমত ৭৫৭ খন মদৰ দোকান আৰু ‘বাৰ’ৰ অনুমতি প্রদান কৰা হ’ল। তাৰে ৩৯০ খন বাৰ, ১৪ খন বিলাতী সুৰাৰ দোকান, ৩৫৩ খন দেশীয় সুৰাৰ দোকান। তাৰোপৰি যোৱা ৭ বছৰত ৪০৮ খন গ্ৰাম্য অঞ্চলৰ ‘বাৰ’ বিলাতী সুৰাৰ দোকানলৈ ৰুপান্তৰিত কৰা হ’ল। তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত ২৫৭১ খন বিদেশী সুৰাৰ ( IMFL “ON” আৰু “OFF”) দোকান আছে আৰু ৭৮১ খন দেশীয় সুৰাৰ দোকান আছে। এতিয়া অধিক ৰাজহ সংগ্ৰহৰ লোভত বিজেপি চৰকাৰে পুনৰ ২০০০ খন নতুন সুৰাৰ দোকান খুলি অসমৰ সমাজ জীৱনক ক’লৈ লৈ যাবলৈ বিচাৰিছে ? চৰকাৰে এখন বিশৃংখল সমাজ বিচাৰিছে নেকি? নে অসমবাসীক মদ খুৱাইহে জাতি-মাটি- ভেটি ৰক্ষা কৰিবলৈ বিচাৰিছে ?
সুৰাৰ পৰা ৰাজহ সংগ্ৰহৰ ক্ষেত্রত এই চৰকাৰে সৰ্বকালৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০১৬-১৭ বৰ্ষত সংগ্ৰহ হোৱা ১৪৩৩.০১ কোটি ৰাজহৰ তুলনাত ২০২২-২৩ ৰ ফেব্ৰুৱাৰী মাহলৈকে ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ৩৫৪৮.৩১ কোটি টকা। প্ৰতিবছৰে সুৰাৰ পৰা আহৰণ কৰা ৰাজহৰ পৰিমাণ বৃদ্ধি পাইছে। এতিয়া প্ৰশ্নটো হ’ল যে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত এনেদৰে অবাধ হাৰত সুৰাৰ প্ৰচলন কৰি বিজেপি চৰকাৰে ৰাজ্যখনৰ ভৱিষ্যত প্রজন্মক মানৱ সম্পদ কৰিব বিচাৰিছে নে তেওঁলোকক নি:শেষ কৰিব বিচাৰিছে?
উল্লেখযোগ্য যে বিজেপি চৰকাৰৰ সুৰা নীতিক লৈ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিজেপি দলৰ তথাকথিত অভিভাৱক স্বৰূপ সংগঠন আৰ এছ এছৰ উত্তৰ পূবৰ এজন শীর্ষ নেতাই যোৱা ১৮ ফেব্ৰুৱাৰী তাৰিখে নলবাৰীৰ এখন জনসভাত চৰকাৰক সমালোচনা কৰিছিল। তেওঁ সুৰাৰ দোকানৰ পৰিৱর্তে গাখীৰৰ দোকান খুলিবলৈ পৰামর্শ দিছিল। সুৰাৰ ৰাজহৰ ওপৰত নিৰ্ভৰশীল নহৈ অন্য ক্ষেত্রত গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছিল। সুৰাৰ দোকানৰ অনুমতি দিয়া বন্ধ কৰা আৰু সুৰাৰ প্ৰচলন বন্ধ কৰিবলৈ চৰকাৰক ৰাজহুৱা আহ্বান কৰিছিল। যি সভাত কেইবাজনো অসম চৰকাৰৰ কেবিনেট মন্ত্রীও উপস্থিত আছিল। কিন্তু বাস্তৱত এতিয়া দেখোন হাতে-কামে আৰ এছ এছৰ শীর্ষ নেতাৰ আহবানৰ সম্পূর্ণ ওলোটা কামহে কৰিছে এই চৰকাৰে। এই কথাই ইয়াকে প্ৰমাণ কৰা নাই নে যে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে সুৰাৰ বন্যাৰ বিৰোধিতা কৰা আৰ এছ এছকো বুঢ়া আঙুলি দেখুৱাই মুকলি প্ৰত্যাহ্বানহে জনালে? এতিয়া বিষয়টোৰ ওপৰত আৰ এছ এছৰ স্থিতি কি হ’ব সি অতি লক্ষণীয় হ’ব। আৰ এছ এছে সজোৰে ইয়াৰ বিৰোধিতা কৰে নে নিশ্চুপ হৈ থাকে তাৰ প্ৰতি অসমবাসী ৰাইজে নিশ্চয়কৈ চকু ৰাখিব।
অসম প্রদেশ কংগ্রেছে চৰকাৰক দাবী জনাইছো যে প্ৰচাৰমুখিতাৰ পৰিৱর্তে সুস্পষ্ট নীতি আৰু বৈজ্ঞানিক দৃষ্টিভংগী তথা মানসিকতাৰে কৰ্মসূচী গ্ৰহণ কৰক। চৰকাৰে সুৰাৰ বন্যা বোৱাই অসমৰ ভৱিষ্যত প্রজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ সিদ্ধান্ত সমূহ পুনৰ পৰ্য্যালোচনা কৰক। এফালে প্ৰতিমাহে ঋণ লৈ জনগণৰ ওপৰত দৈনিক ঋণৰ বোজা বৃদ্ধি কৰিছে আৰু আনফালে সুৰাৰ গংগা বোৱাই সমাজ জীৱন কলুষিত আৰু বিশৃংখল কৰিব বিচাৰিছে। বিজেপি চৰকাৰখনে প্ৰকৃততে অসমবাসীক ক’লৈ নিবলৈ বিচাৰিছে? অসমৰ সমাজ জীৱন আৰু ভৱিষ্যত প্রজন্মৰ প্ৰতি লক্ষ্য ৰাখি অসম প্রদেশ কংগ্রেছে এই অতি গুৰুত্বপূর্ণ আৰু স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত চৰকাৰৰ পৰা এটা স্পষ্টীকৰণ বিচাৰিছো আৰু অনতিপলমে সুৰাৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবী জনাইছো।