হাৰিয়ানাৰ হোটেল, ৰেষ্টুৰেণ্ট সপ্তাহত ২৪ ঘন্টা খোলা ৰাখিব পাৰিব। হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী দুষ্যন্ত চৌটালাই মঙলবাৰে ঘোষণা কৰে এই নতুন নিয়ম। বিভিন্ন চৰকাৰী বিভাগৰ সৈতে হোৱা বৈঠকৰ অন্তত এই ঘোষণা কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, কোনেও জোৰজৱৰদস্তিকৈ ৰেষ্টুৰেণ্ট বন্ধ কৰিবলৈ নির্দেশ দিব নোৱাৰিব ৷
নিশা হোটেল, ৰেষ্টুৰেণ্ট বন্ধ কৰিব লাগে, ভাৰতৰ এইটো এটা অতি পুৰণি নিয়ম। কিন্তু পৰিৱৰ্তনৰ লগত খাপ খুৱাই যুৱক-যুৱতীসকলৰ জীৱনশৈলী আৰু দিন-ৰাতিৰ পৰিসীমাত আবদ্ধ হৈ থাকিব নোৱাৰে। পৰিৱৰ্তিত জীৱনশৈলীৰ লগত খোজ মিলাবলৈও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। হাৰিয়ানাত গোটেই নিশা হোটেল, ৰেষ্টুৰেণ্ট খোলা ৰখাৰ চাহিদা বহুত পুৰণি। এইবাৰ চৰকাৰেও ইয়াত সেউজ সংকেত দিলে। অৰ্থাৎ এতিয়াৰ পৰা হাৰিয়ানাৰ হোটেল, ৰেষ্টুৰেণ্ট বন্ধ কৰাৰ প্ৰয়োজন নাথাকিব। দিন বা ৰাতি – যেতিয়াই যাব গ্ৰাহকে তেতিয়াই গৰম খাদ্য লাভ কৰিব ৷
হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী চৌটালাই মঙলবাৰে শ্ৰম, খাদ্যকে ধৰি কেইবাটাও বিভাগৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয়। এই বৈথকতে সিদ্ধান্ত লোৱা হয় যে এতিয়াৰে পৰা ৰাজ্যত ২৪ ঘণ্টাই হোটেল আৰু ৰেষ্টুৰেণ্ট খোলা ৰাখিব পাৰিব। চৌটালাই জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে-, “ভৱিষ্যতে হাৰিয়ানাৰ ৰেষ্টুৰেণ্টসমূহ ২৪ ঘন্টাই খোলা থাকিব। ৰাতি বন্ধ কৰাৰ নিয়ম নাথাকিব।”
শেহতীয়াকৈ হাৰিয়ানাৰ ৰেষ্টুৰেণ্ট ব্যৱসায়ী সংস্থাই চৌটালাক লগ কৰি এই দাবী উত্থাপন কৰিছিল । চৰকাৰক ২৪ ঘণ্টাই ৰেষ্টুৰেণ্টখন খোলাৰ অনুমতি দিবলৈ দাবী জনায়। যাতে মানুহে যিকোনো সময়তে খাদ্য লাভ কৰিব পাৰে। সেই দাবী মানি ল’লে চৰকাৰে। চৌটালাই বৈঠকত বিষয়াসকলৰ আগত স্পষ্টকৈ কয় যে যদি কোনো ৰেষ্টুৰেণ্টৰ মালিকে তেওঁৰ ৰেষ্টুৰেণ্টখন ২৪ ঘন্টা খোলা ৰাখিব বিচাৰে তেন্তে তেওঁক কোনেও বাধা দিব নোৱাৰে।
অৱশ্যে কোনোৱেই ২৪ ঘণ্টাই ৰেষ্টুৰেণ্ট খোলা ৰাখিব নোৱাৰে। তাৰ বাবে ইয়াক কিছুমান আইনৰ অধীনত পঞ্জীয়ন কৰা উচিত। বহু চৰকাৰী নিয়ম মানি চলিব লাগিব। যদিও চৰকাৰৰ এই সিদ্ধান্ত ৰেষ্টুৰেণ্টৰ মালিকৰ পৰা নতুন প্ৰজন্মৰ প্ৰতিনিধিলৈকে সুখী।