বিশ্বৰ আটাইতকৈ উষ্ণ দিন হিচাপে পৰিগণিত হৈছে ৩ জুলাইৰ দিনটো ৷ আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিৱেশ আগজাননী কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য । ৩ জুলাইত বিশ্বৰ গড় উষ্ণতা আছিল ১৭.০১ ডিগ্ৰী চেলছিয়াছ ৷
ইয়াৰ পূর্বে ২০১৬ চনৰ আগষ্ট মাহত অভিলেখসংখ্যক তাপমাত্ৰা ;ৰেকর্ড কৰা হৈছিল ৷ সেই সময়ত তাপমাত্ৰাই অতিক্ৰম কৰিছিল ১৬.৯২ চেলছিয়াছ (৬২.৪৬ ফাৰেনহাইট) ৷ দক্ষিণ আমেৰিকাত যোৱা কেইসপ্তাহমানৰ পৰা উষ্ণতা যথেষ্ট বৃদ্ধি পাইছে ৷ চীনত অব্যাহত আছে গ্ৰীষ্মপ্ৰৱাহ ৷ উষ্ণতা ৩৫ চেলছিয়াছ (৯৫ ফাৰেনহাইট)তকৈ বৃদ্ধি পাইছে ৷ উত্তৰ আফ্ৰিকাত উষ্ণতাই ৫০ ডিগ্ৰী চেলছিয়াছ (১২২ ফাৰেনহাইট)ৰ ঘৰ অতিক্ৰম কৰিছে ৷
আৰু আনকি বৰ্তমান এন্টাৰ্কটিকাতো বিষমভাৱে উচ্চ উষ্ণতা পঞ্জীয়ন কৰা হৈছে । ইয়াৰে আৰ্জেণ্টিনা দ্বীপপুঞ্জত থকা ইউক্ৰেইনৰ ভাৰ্নাডস্কি ৰিচাৰ্চ বেছে শেহতীয়াকৈ জুলাই মাহত ৮.৭ চেলছিয়াছ (৪৭.৬ ফাৰেনহাইট) উষ্ণতাৰ অভিলেখ ভংগ কৰিছে। ব্ৰিটেইনৰ ইম্পেৰিয়েল কলেজ লণ্ডনৰ গ্ৰেন্থাম ইনষ্টিটিউট ফৰ ক্লাইমেট চেঞ্জ এণ্ড এনভাইৰনমেণ্টৰ জলবায়ু বিজ্ঞানী ফ্ৰাইডেৰিক অট্টোৱে কয় যে এই মাইলৰ খুঁটিক লৈ আমি কোনো সন্তোষিত হোৱা উচিত নহয় ৷ এয়া মানুহ আৰু পৰিৱেশ তন্ত্ৰৰ বাবে মৃত্যুদণ্ড।
বিজ্ঞানীসকলে কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে এল নিনো অর্থাৎ সাগৰীয় অঞ্চলত বলা উষ্ণ প্ৰৱাহ অন্যতম কাৰণ ৷ গৱেষক জেকে হাউছফাদাৰে কয় যে কাৰ্বন ডাই অক্সাইড আৰু সেউজ গৃহ গেছৰ নিৰ্গমন বৃদ্ধিৰ লগতে ক্ৰমবৰ্ধমান এল নিনোৰ পৰিঘটনাই উষ্ণতাক নতুন মাত্ৰালৈ ঠেলি দিছে।