ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থা আই এ ই এয়ে ছুনামীৰ দ্বাৰা বিধ্বস্ত ফুকচিমা পাৰমাণৱিক শক্তি কেন্দ্ৰৰ পৰা জাপানে যিমান পাৰি পৰিষ্কাৰ কৰিবলৈ সক্ষম হোৱা তেজস্ক্ৰীয় পানীৰ মানদণ্ডক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে এতিয়া সেই পানী সাগৰত পেলোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই।
মঙলবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক এই প্ৰতিবেদন অৰ্পণ কৰা হয়। কিন্তু চীনে ইয়াৰ বিৰুদ্ধে তীব্ৰ আপত্তি কৰি কয় যে আই এ ই এৰ প্ৰতিবেদনখন সাগৰত পানী পেলাবলৈ ‘ৰেহাই পত্ৰ’ হ’ব নোৱাৰে। ২০১১ চনত ভূমিকম্প আৰু ছুনামীৰ ফলত ফুকচিমা পাৰমাণৱিক শক্তি কেন্দ্ৰটো ধ্বংস হৈছিল। তাৰ পিছত ইন্ধন ইউৰেনিয়াম, নলী বা ৰড থকা বন্ধ ধাতুৰ নলীবোৰ ঠাণ্ডা কৰিবলৈ পানী ব্যৱহাৰ কৰা হৈছিল। প্ৰায় ৫০০টা অলিম্পিক আকাৰৰ চুইমিং পুলত প্ৰায় যিমান পানী ৰখা হয় সিমান পানী ব্যৱহাৰ কৰা হৈছিল । জাপানে সেই পানী ৩০ৰ পৰা ৪০ বছৰলৈ সাগৰত পেলাব বিচাৰে। দাবী কৰা হৈছে যে পানী ফিল্টাৰ কৰি যিমান পাৰি তেজস্ক্রিয়তামুক্ত কৰা হৈছে।
আই এ ই এৰ প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোকে পৰীক্ষা কৰি দেখিছে যে সেই পানীত থকা তেজস্ক্ৰীয়তাৰ পৰিমাণ পৰিৱেশৰ বাবে ইমান ক্ষতিকাৰক নহয়। আই এ ই এৰ মুৰব্বী ৰাফেল গ্ৰ’ছিয়ে কয় যে পানী মুকলি কৰাৰ সময়ত ফুকচিমা বিদ্যুৎ কেন্দ্ৰত আই এ ই এৰ এজন প্ৰতিনিধি উপস্থিত থাকিব। অৱশ্যে এই কাম কেতিয়াৰ পৰা আৰম্ভ হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই।
জাপানৰ নাগৰিকৰ এটা অংশ বিশেষকৈ মাছমৰীয়া সম্প্ৰদায়ে অৱশ্যে আৰম্ভণিৰে পৰাই এই পৰিকল্পনাৰ বিৰোধিতা কৰিছে। চীনেও ইয়াৰ বিৰোধিতা কৰি আহিছে ৷ জাপানত থকা চীনৰ ৰাষ্ট্ৰদূত ৱু ছিয়াঙেও প্ৰতিবাদ সাব্যস্ত কৰি কয় যে আই এ ই এৰ প্ৰতিবেদন সাগৰত পানী পেলোৱাৰ অনুজ্ঞাপত্ৰ হ’ব নোৱাৰে। প্ৰতিবেদন পোৱাৰ আগতেই জাপানে গোটেই পৰিকল্পনাটো স্থাপন কৰিছিল।