মুখত জ্বলন্ত চিগাৰেটলৈ মাটিত বহি থকা এজন আদিবাসী যুৱকৰ গাত এজন লোকে প্ৰস্ৰাৱ কৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছিল । এই ঘটনাই সমগ্ৰ দেশজুৰি খলকনি সৃষ্টি হোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিছে চৰকাৰে ৷মধ্যপ্ৰদেশৰ সিধি জিলাত সংঘটিত হোৱা এই ঘটনাত মধ্যপ্ৰদেশ চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। অৱশ্যে এই ভিডিঅ’টো ভুৱা বুলি দাবী কৰে অভিযুক্তই । তেওঁ তেনে কোনো কাম কৰা নাছিল বুলি উল্লেখ কৰিছে ৷
দুদিনমান পূৰ্বে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল এই ভিডিঅ’টো। ভাইৰেল হোৱাৰ লগে লগে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰ অস্বস্তিত পৰিছিল। কাৰণ বিৰোধীয়ে চৰকাৰক অহৰহ এই ঘটনাক লৈ আক্ৰমণ চলাই আহিছে । পিছত মধ্যপ্ৰদেশৰ বিৰোধী কংগ্ৰেছেও দাবী কৰে যে ভিডিঅ’টোত ধৰা পৰা ব্যক্তিজনৰ সৈতে বিজেপি নেতাসকলক সম্পর্ক আছে ৷ লাহে লাহে অভিযুক্তৰ সৈতে একাংশ বিজেপি নেতাৰ ছবিও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ ইয়াৰ পিছত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজেই এই বিষয়ত গুৰুত্ব প্ৰদান কৰে ৷ প্ৰশাসনৰ সূত্ৰ অনুসৰি তেওঁৱেই গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল। আনহাতে, মধ্যপ্ৰদেশৰ গৃহ বিভাগৰ সূত্ৰ অনুসৰি ব্যক্তিজনৰ সা-সম্পত্তি বুলডজাৰেৰে উচ্ছেদ কৰা হ’ব ৷
অভিযুক্তৰ নাম প্ৰবেশ শুক্লা। তেওঁ মধ্যপ্ৰদেশৰ সিধি জিলাৰ বাসিন্দা। তেওঁৰ এই কার্য চিচিটিভিৰ ফুটেজত ধৰা পৰে। অৱশ্যে এই অভিযোগ তেওঁ পোনপটীয়াকৈ অস্বীকাৰ কৰে। আনহাতে, ভিডিঅ’টোত দেখা পোৱা জনজাতীয় যুৱকজনকো আৰক্ষীয়ে চিনাক্ত কৰি থানালৈ আনি সোধা-পোছা কৰে। নাম দশমত ৰাৱট। বয়স ৩৬ বছৰ। দশমতে এই ভিডিঅ’টো ভুৱা বুলিও কয়। অৰ্থাৎ ঘটনাটো প্ৰকৃততে হোৱা নাছিল। দশমতে আৰক্ষীক জনোৱা মতে, এই ভিডিঅ’টো প্ৰৱেশক ফান্দত পেলাবলৈ বনোৱা হৈছে। কিন্তু এই সন্দৰ্ভত দশমতৰ লিখিত বক্তব্য দেখাৰ পিছত বিৰোধীয়ে দাবী কৰে যে তেওঁক এই বক্তব্য লিখিবলৈ বাধ্য কৰোৱা হৈছে ৷