ধাৰাসাৰ বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা। বিগত কিছুদিন ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অব্যাহত আছে । কেইবাঠাইতো ভূমিস্খলন সংঘটিত হৈছে। এনে পৰিস্থিতিত জম্মু-কাশ্মীৰ প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই যাত্ৰা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।
প্ৰশাসনৰ মতে বতৰ উন্নত হ’লেহে পুনৰ যাতায়তৰ অনুমতি দিয়া হ’ব। এই বিপৰ্যয়জনক বতৰৰ বাবে বিভিন্ন স্থানত আবদ্ধ হৈ আছে প্ৰায় ৭২০০ তীৰ্থযাত্ৰী। শুকুৰবাৰে প্ৰশাসনে এক অধিসূচনা জাৰি কৰি কয় যে, “যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে । কোনো তীৰ্থযাত্ৰীক অমৰনাথ গুহাৰ দিশে যাবলৈ দিয়া নহয়।”
আৰক্ষীৰ সূত্ৰ অনুসৰি পহলগাঁৱৰ নুনৱান শিবিৰত আবদ্ধ হৈ আছে ৩২০০ তীৰ্থযাত্ৰী। আনহাতে বাল্টাল শিবিৰত ৪০০০ তীৰ্থযাত্ৰী আছে। বৃহস্পতিবাৰে অমৰনাথ গুহাত উপস্থিত হয় ১৭০০ তীৰ্থযাত্ৰী। তেতিয়াৰ পৰা বতৰৰ পৰিস্থিতিৰ অৱনতি ঘটিবলৈ ধৰিলে। ৭২০০ জনীয়া তীৰ্থযাত্ৰীৰ দলটোৱে অমৰনাথ অভিমুখে ৰাওনা হোৱাৰ পূৰ্বেই দুৰ্যোগৰ সৃষ্টি হয়। ফলত প্ৰশাসনে কোনো ধৰণৰ ৰিস্ক ল’ব বিচৰা নাছিল। খৰখেদাকৈ তীৰ্থযাত্ৰীৰ যাত্ৰা বন্ধ কৰা হয় ৷
এসপ্তাহৰ আগতে আৰম্ভ হৈছিল অমৰনাথ যাত্ৰা। জম্মু-কাশ্মীৰ প্ৰশাসনৰ তথ্য অনুসৰি বিগত ৭ দিনত ৮৫ হাজাৰ তীৰ্থযাত্ৰী অমৰনাথ গুহা দর্শন কৰিছে ৷