শুনিবলৈ অচৰিত যেন লাগিলেও পেট্ৰ’লৰ দামৰ দুগুণতকৈয়ো বেছি দামত বিক্ৰী হৈছে বিলাহী ৷ প্ৰতিবিধ শাক-পাচলিৰ মূল্য ক্ৰমাৎ আকাশলংঘী হৈছে ৷ বিশেষকৈ বিলাহীৰ দামে সকলোৰে চকু কপালত তুলিছে ৷ প্ৰতি কিলোগ্ৰাম বিলাহীৰ মূল্য ২৫০ টকালৈ বৃদ্ধি পাইছে ৷
উত্তৰাখণ্ডৰ গংগোত্ৰী ধামত প্ৰতি কিলোগ্ৰামত ২৫০ টকা আৰু উত্তৰকাশী জিলাত প্ৰতি কিলোগ্ৰামত ১৮০ৰ পৰা ২০০ টকালৈ বৃদ্ধি পাইছে ৷ এজন শাক-পাচলি বিক্ৰেতাই কয় যে হঠাতে অঞ্চলটোত বিলাহীৰ মূল্য অধিক হৈ পৰিছে।
শাক-পাচলি বিক্ৰেতা ৰাকেশে এএনআইক জনোৱা মতে, “উত্তৰাকাশীত বিলাহীৰ বৰ্ধিত মূল্যই গ্ৰাহকক মাধমাৰ শোধাইছে ৷লোকসকলে বিলাহী ক্ৰয় কৰিবলৈ ইচ্ছুক নহয়। যমুনোত্ৰীৰ গংগোট্ৰিত বিলাহী প্ৰতি কেজি ২০০ৰ পৰা ২৫০ টকা দামত বিক্ৰী হৈছে ৷”
বিলাহী খেতি কৰা মূল অঞ্চলসমূহত গ্ৰীষ্ম প্ৰৱাহৰ লগতে প্ৰচণ্ড বৰষুণৰ ফলত যোগান শৃংখলত ব্যাঘাত জন্মা বুলি একাংশ ব্যৱসায়ীয়ে প্ৰকাশ কৰিছে ৷ চেন্নাইত বৰ্তমান বিলাহী ১০০-১৩০ টকা প্ৰতি কেজিত বিক্ৰী হৈছে।
তামিলনাডু চৰকাৰে গ্ৰাহকক কিছু ৰেহাই দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ ৰাজধানী চেন্নাইৰ ৰেচনৰ দোকানত প্ৰতি কিলোগ্ৰামত ৬০ টকা ৰাজসাহায্যযুক্ত হাৰত বিক্ৰী আৰম্ভ কৰিছে।বহু ৰাজ্যৰ দৰে কৰ্ণাটকতো যোৱা কিছুদিনত বিলাহীৰ মূল্য আকাশলংঘী হৈছে ৷ বেংগালুৰুত বিলাহীৰ দাম ১০১ টকাৰ পৰা ১২১ টকা প্ৰতি কিলোগ্ৰামলৈ বৃদ্ধি পাইছে । মাৰ্চ আৰু এপ্ৰিল মাহত হঠাৎ উষ্ণতা বৃদ্ধিৰ ফলত বিলাহীৰ উৎপাদন হ্ৰাস পাইছে ৷