হাওৰা-ছেকেণ্ডৰাবাদ ফলকনুমা এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হৈছে । ৰেলখনৰ তিনিটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। শুকুৰবাৰে তেলেংগানাৰ মুম্মিপল্লী আৰু পাগিদিপল্লীৰ মাজত ৰে’লখনত জুই লাগে। ইয়াৰ পিছত ৰেলখন ৰখাই দিয়া হয় ৷
এক্সপ্ৰেছৰ পৰা যাত্ৰীসকলক নিৰাপদে উদ্ধাৰ কৰা হয় ৷ এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। কিহৰ বাবে অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সকলো যাত্ৰী সুৰক্ষিত বুলি জানিব পৰা গৈছে । আন এখন ৰে’লেৰে হায়দৰাবাদলৈ লৈ যোৱা হয় যাত্ৰীসকলক ৷
২ জুনত ওড়িশাৰ বালেশ্বৰৰ বাহাংগা বজাৰ ষ্টেচনৰ সমীপত চেন্নাই অভিমুখী কৰমণ্ডল এক্সপ্ৰেছ দুর্ঘটনাগ্ৰস্ত হৈছে ৷বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছও ৰে’লপথৰ পৰা লাইনচ্যুত হৈছিল ৷ সেই ভয়ংকৰ দুৰ্ঘটনাৰ এমাহৰ পিছত পুনৰ ৰে’লত অগ্নিকাণ্ডৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ ফলত ৰে’লপথত যাত্ৰীসকলৰ সুৰক্ষা সম্পৰ্কে পুনৰ প্ৰশ্ন উত্থাপন হৈছে ৷
এই ঘটনাৰ পিছত কেইবাটাও স্থানত ৰে’লত অগ্নিকাণ্ডৰ তথ্য পোহৰলৈ আহিছে ৷ওড়িশাৰ ব্ৰহ্মপুৰত ছেকেণ্ডৰাবাদ-অগৰতলা এক্সপ্ৰেছতো অগ্নিকাণ্ড সংঘটিত হৈছে । উত্তৰ প্ৰদেশৰ কৌশম্বী জিলাৰ ভৰৱাড়ী ষ্টেচনৰ সমীপত ছিলদাহ-আজমেৰ এক্সপ্ৰেছৰ এটা ডবাত জুই লাগিছিল ৷ ওড়িশাৰ নৌপাৰা জিলাৰ দুৰ্গ-পুৰী এক্সপ্ৰেছতো অগ্নিকাণ্ড আৰু আতংকৰ সৃষ্টি হয়।