আইচলেণ্ডৰ ৰাজধানী ৰেইকজাভিক আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ২৪ ঘন্টাত ২২০০ বাৰ ভূমিকম্পই কপাঁই তোলে । এই সময়ছোৱাত দুহাজাৰতকৈও অধিকবাৰ ভূমিকম্পৰ বাবে বতৰ বিজ্ঞানীসকলে এক বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ আশংকা প্ৰকাশ কৰিছে ৷
আইচলেণ্ডৰ বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা মতে, ভূমিকম্পৰ উৎস ফাগ্ৰাডালছফ’ল পৰ্বত । এই পৰ্বতখন এটা আগ্নেয়গিৰিৰ ওপৰত অৱস্থিত। আইচলেণ্ডৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ ৰেইকজাভিকত যোৱা দুবছৰত দুবাৰকৈ উদ্গীৰণ ঘটিছে এই আগ্নেয়গিৰি ৷ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাৰ ভিতৰত আটাইতকৈ ডাঙৰ ভূমিকম্পটো হৈছে আইচলেণ্ডৰ দক্ষিণ-পশ্চিম অংশত। অৱশ্যে বতৰ বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে যে আৰু অধিক কম্পনৰ সম্ভাৱনা আছে।
ইমান সঘনাই কম্পন কিয়? এই প্ৰসংগত আইচলেণ্ডৰ বতৰ বিজ্ঞানীসকলে কয় যে আগ্গেয়গিৰিৰ উদ্গীৰণৰ পূৰ্বে এইটো এটা ডাঙৰ সংকেত। আৰু অতি সোনকালে এনে ঘটনা হ’ব বুলি আশা কৰা হৈছে। আই এম অ’ৰ সূত্ৰ অনুসৰি প্ৰায়বোৰ কঁপনি মৃদু আছিল। অৱশ্যে সাতটা মধ্যমীয়া ভূমিকম্পই অঞ্চলটো কপাঁই তোলে ৷ আইচলেণ্ড এক সক্ৰিয় আগ্নেয়গিৰি অঞ্চল। ফলত তাত কেতিয়াবা কম্পন অনুভৱ কৰা হয়। কিন্তু বতৰ বিজ্ঞানীসকলেও কয় যে ইয়াৰ আগতে ইমান ভূমিকম্প হোৱা নাই।