যদি কোনো এটা সম্পৰ্কৰ অন্তত বিবাহ নহয় আৰু সন্মতিসূচক যৌন সম্পৰ্ক গঢ়ি উঠে তেন্তে ইয়াক ধৰ্ষণ বুলি ক’ব নোৱাৰি। এই পর্যবেক্ষণ ওড়িশা উচ্চ ন্যায়ালয়ৰ ৷ শেহতীয়াকৈ এগৰাকী মহিলাই ভুৱনেশ্বৰ এজন বাসিন্দাৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰিছিল। মহিলাগৰাকীয়ে কয় যে অভিযুক্তৰ সৈতে বন্ধুত্বৰ সম্পৰ্কৰ সময়ত তেওঁ কেইবাবাৰো যৌন সম্পৰ্ক স্থাপন কৰিছিল। মহিলাগৰাকীয়ে লগতে কয় যে তেওঁ অভিযুক্তৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল যদিও পিছত মতানৈক্যৰ বাবে বিবাহ সম্পন্ন নহয় ৷ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ আৰ কে পাটনাইকৰ এজনীয়া বিচাৰপীঠে কয়, “মিছা প্ৰতিশ্ৰুতিৰে সহবাস আৰু যিকোনো কাৰণত বিবাহ নোহোৱা সত্বেও সন্মতিক্ৰমে সহবাস কৰাৰ মাজত পাৰ্থক্য আছে।” এই প্ৰসংগত আদালতে কয় যে ভাল বন্ধুত্ব হিচাপে আৰম্ভ হোৱা ভগ্ন সম্পৰ্কত বিশ্বাসৰ অভাৱ হ’লে পুৰুষ সদস্যজনক ‘ধৰ্ষণকাৰী’ বুলি ক’ব নোৱাৰি।
কিছুদিন পূৰ্বে ইয়াৰ সৈতে জড়িত এটা গোচৰত উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কৈছিল যে যদি দুজন ব্যক্তিৰ শাৰীৰিক সম্পৰ্ক থাকে আৰু তেওঁলোকৰ কিবা কাৰণত বিয়া নহয়, তেন্তে সংগীজনক প্ৰতিশ্ৰুতি ভংগৰ অভিযোগত ‘ধৰ্ষণকাৰী’ বুলি ক’ব নোৱাৰি ।