অৱশেষত প্ৰেমৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ পলায়ন কৰা মহিলাৰ জামিন মঞ্জুৰ হ’ল। মুক্তি পোৱাৰ পিছত শনিবাৰে তেওঁ প্ৰেমিকক লগ পায়। পাকিস্তানৰ সীমা হাইদৰে ভাৰতক এতিয়া নিজৰ দেশ বুলি গণ্য কৰে। নয়দাৰ বাসিন্দা শচীন সিঙৰ সৈতে নতুনকৈ ঘৰ সাজিব বিচাৰিছে তেওঁ । ইয়াৰ প্ৰস্তুতিও চলি আছে।
আনন্দিত সীমাই কয় যে জেলৰ পৰা ওলাই অহাৰ পিছত তেওঁ নিজকে ভাৰতীয় বুলি গণ্য কৰে।তেওঁ শচীনক স্বামী হিচাপে মানি লৈছিল। স্বামী হিন্দু, গতিকে তেওঁও হিন্দু। ধৰ্ম সলনি কৰাত সীমাৰ কোনো আপত্তি নাই।
সীমাই পাকিস্তানৰ পৰা নেপাল হৈ নিজৰ চাৰিটা সন্তানৰ সৈতে ভাৰতত প্ৰৱেশ কৰিছিল। যোৱা ৪ জুলাইত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। সীমাক আশ্ৰয় দিয়াৰ অভিযোগত শচীন আৰু তেওঁৰ পিতৃকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কিছুদিন সন্তানৰ সৈতে জেলত আছিল সীমা। শনিবাৰে জামিন পোৱাৰ পিছত তেওঁ কয়, “জামিনৰ খবৰ শুনি মই আনন্দত চিঞৰিলোঁ। কাৰণ মই ভাবিছিলো যে মই বহু মাহ জেলত কটাম। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত মই ইয়াত উপস্থিত হৈছো। প্ৰথমে কৰাচী হৈ ডুবাইলৈ গৈছিলো। তাৰ পৰা নেপাললৈ যাও । ইয়াৰ পিছত ভাৰতলৈ আহিছো ৷”
সীমাৰ স্বামী গুলাম হাইদৰ ছৌদি আৰৱত কৰ্মৰত। শেহতীয়াকৈ তেওঁ ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ পত্নী আৰু সন্তানক পাকিস্তানলৈ ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনায়। গোলামে দাবী কৰিছিল যে তেওঁৰ পত্নীক ভুলতে ভাৰতলৈ লৈ যোৱা হৈছিল।
সীমাই ১২ লাখ টকাৰ মাটি বিক্ৰী কৰি ভাৰতলৈ আহিবলৈ ধন সংগ্ৰহ কৰিছিল। অনলাইনত গেম খেলি থাকোঁতে শচীনৰ লগত তেওঁৰ কথা-বতৰা হৈছিল সীমাৰ । সেই সম্পর্ক লাহে লাহে ঘনিষ্ঠ সম্পৰ্কলৈ পৰিণত হ’ল। জামিনত মুক্তি পোৱাৰ পিছত এইগৰাকী পাকিস্তানী মহিলাই ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰি শচীন সিঙৰ সৈতে এক নিখুঁত ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।