চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ বৈঠকত দলটোৰ কৌশল নিৰ্ণয় কৰিবলৈ পৰিকল্পনা কৰিছে । দেওবাৰে হায়দৰাবাদ চহৰত বিজেপিৰ সভাপতি জে পি নাড্ডাই এই বৈঠকৰ সভাপতিত্ব কৰিব। বিজেপিৰ সূত্ৰ অনুসৰি এই বৈঠকত ১১খন ৰাজ্যৰ বিজেপিৰ সভাপতিসকলে অংশগ্ৰহণ কৰিব।
চলিত বৰ্ষৰ শেষৰ ফালে মধ্যপ্ৰদেশ, ছত্তীগড়, তেলেংগানা আৰু ৰাজস্থানত বিধানসভা নিৰ্বাচন। ইয়াৰ উপৰিও এইবাৰ উত্তৰ-পূব ৰাজ্য মিজোৰামত নিৰ্বাচন অনুষ্ঠিত হ’ব। পাছৰ বছৰ লোকসভা নিৰ্বাচন। তাৰ পূৰ্বে গেৰুৱা শিবিৰে নিৰ্বাচনমুখী ৰাজ্যসমূহত দলীয় নেতৃত্বক সাজু কৰিবলৈ চেষ্টা কৰিব । এই সন্দৰ্ভত তেওঁলোকে কৰ্ণাটকৰ শেহতীয়া ফলাফলৰ কথা মনত ৰাখি ৰণকৌশল প্ৰস্তুত কৰিব ৷
নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহৰ ভিতৰত মধ্যপ্ৰদেশৰ বাহিৰে সকলো ৰাজ্যতে বিৰোধী দলৰ ক্ষমতা আছে। মধ্যপ্ৰদেশত ক্ষমতা অক্ষুণ্ণ ৰখাৰ উপৰিও ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰিব পাৰিব বুলি আশাবাদী। তেলেংগানাতো প্ৰথমবাৰৰ বাবে ক্ষমতা দখলৰ চেষ্টা চলাব বিজেপিয়ে ৷ বিজেপি নেতৃত্বই অনুভৱ কৰিছে যে যদি তেওঁলোকে তেলেংগানাত জয়ী হ’লে তেওঁলোকৰ বাবে ‘দক্ষিণ ভাৰতৰ দুৱাৰ’ মুকলি হ’ব। কৰ্ণাটকত বিজেপি ক্ষমতাচ্যুত হোৱাৰ পিছত দক্ষিণৰ আন কোনো ৰাজ্যত বিজেপিৰ ক্ষমতা নাই।
তেলেংগানাত দলটোৰ আভ্যন্তৰীণ সংঘাতে বিজেপিক চিন্তিত কৰি তুলিছে ৷শেহতীয়াকৈ সেই ৰাজ্যৰ সভাপতি সলনি কৰা হৈছে। ‘বিতৰ্কিত’ সভাপতি বান্দী সঞ্জয়ক অপসাৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীক এই পদলৈ অনা হয়। বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ আগত বৃহত্তৰ কৌশলৰ কথা মনত ৰাখি বিজেপিয়ে এই সালসলনি কৰিছে বুলি ধাৰণা কৰা হৈছে। আনহাতে, নৰেন্দ্ৰ মোডী চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তিমবাৰৰ বাবে মন্ত্ৰীসভাৰ সালসলনি কৰিবলৈ সাজু হৈছে। বিজেপিৰ সূত্ৰ অনুসৰি নড্ডাই ইতিমধ্যে এই বিষয়ত বিভিন্ন ৰাজ্যিক বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে কথা পাতিছে। ২০ জুলাইৰ পৰা সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই এই সালসলনিৰ কথা ঘোষণা কৰা হ’ব পাৰে।