কাঠমাণ্ডুলৈ যোৱাৰ পথত যাত্ৰীসহ এখন হেলিকপ্টাৰ নিৰুদ্দেশ হৈছে । নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই এই খবৰ নিশ্চিত কৰিছে। হেলিক্টাৰখনত কেপ্তেইনৰ উপৰি পাঁচজন পৰ্যটক আছিল। কাঠমাণ্ডুত অৱতৰণ কৰাৰ কথা আছিল হেলিকপ্টাৰখনে।
তথ্য বিষয়া জ্ঞানেন্দ্ৰ ভূলে কয় যে চপাৰখন সোলুখুম্বুৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল। কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে, প্ৰায় ১০ বজাত, তেওঁৰ কণ্ট্ৰল টাৱাৰৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় ৷
সূত্ৰৰ পৰা জানিব পৰা মতে, স্থানীয় সময় অনুসৰি পুৱা ১০:১২ বজাত শেষবাৰৰ বাবে কন্ট্ৰল টাৱাৰৰ সৈতে যোগাযোগ কৰিছিল চপাৰখনে। তাৰ পিছত আৰু কোনো তথ্য পোৱা নাই। জানিব পৰা মতে, এজন কেপ্তেইনে হেলিকপ্টাৰখন চলাই আছিল। তেওঁৰ লগত আছিল পাঁচজন বিদেশী পৰ্যটক। তেওঁলোক কোনখন দেশৰ নাগৰিক সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
নিৰুদ্দেশ হোৱা হেলিকপ্টাৰখনৰ সন্ধানত ইতিমধ্যে কাঠমাণ্ডুৰ পৰা অনুসন্ধান অব্যাহত ৰখা বুলি নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।