বিবাহৰ পৰা উভতি অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাছ পথৰ পৰা খাৱৈত বাগৰি পৰে আৰু এটা শিশুসহ ৭ জন লোকৰ মৃত্যু হয়। আহত হৈছে কমেও ২৯ জন লোক। সোমবাৰে মাজনিশা অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশম জিলাৰ দৰচীত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে নিশা প্ৰায় ১২:৩০ বজাত বিবাহযাত্ৰী কঢ়িয়াই পোডিলিৰ পৰা কাকিনাৰালৈ উভতি আহিছিল এখন বাছ। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দৰচীৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন বাহনৰ সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বাছখনে বাওঁফালে ঘূৰিছিল। সেই সময়তে ৰাস্তাৰ কাষৰ গাৰ্ড ৱালত খুন্দা মাৰে আৰু তীব্ৰ গতিৰ বাবে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল চালকে।
ৰাস্তাৰ কাষতে নাগাৰ্জুন সাগৰৰ খালত বাছখন বাগৰি বাগৰি পৰে। বাছখনত আছিল ৪৭ জন যাত্ৰী । ইয়াৰে এজন শিশুসহ ৭জন লোকৰ মৃত্যু হয়। এই তথ্য লাভ কৰি উদ্ধাৰকাৰী দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। কেইবা ঘণ্টাৰ পিছত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত যাত্ৰীসকলক।
দৰচীৰ উপ-পৰিদৰ্শক ৰামকৃষ্ণই কয়, ‘৭জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কেইবাজনো লোক। ইয়াৰে ১৫জন গুৰুতৰভাৱে আহত হয়। আহতসকলক দাৰ্চি আৰু অংগোলে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।” লগতে এই ঘটনা কেনেকৈ সংঘটিত হ’ল তাক তদন্ত কৰি থকা বুলিও তেওঁ কয়। প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰে যে চৰকাৰী বাছখন কাকিনাৰাত এখন বিয়ালৈ যাবলৈ ভাড়াত লৈছিল।