উত্তৰ-পূব ভাৰতৰ ঠাইসমূহ ভাৰতৰ ভিতৰতেই লেখত ল’বলগীয়া কিছুমান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ধুনীয়া ঠাই। প্ৰকৃতিগত ভাৱে পোৱা এই ঠাই বোৰৰ এক অনবদ্য অৱদান হৈছে কিছুমান বিল হ্ৰদ, বিল আৰু ঝৰ্ণা।
উত্তৰ-পূৰ্বাঞ্চলৰ লেখত ল’বলগীয়া ঠাই সমূহ হ’ল –
- উমিয়াম হ্ৰদ (Umiam Lake, Meghalaya) – এই হ্ৰদক বৰাপানী বুলিও জনা যায়। উমিয়াৰ নৈৰ পৰা উৎপত্তি হৈছে এই হ্ৰদ । মেঘালয়ৰ ই এক উল্লেখনীয় পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্থল। আনহাতে ইয়াত কেইবাটাও জলপ্ৰপাতো আছে।
- ছাংগেটচাৰ হ্ৰদ (Sangetsar Lake, Arunachal Pradesh)- অৰুণাচল প্ৰদেশত থকা এই হ্ৰদটোক মাধুৰী নামেৰেও জনা যায়। এই হ্ৰদটো সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৫২০০ ফুট ওপৰত পাহাৰৰ মাজত আছে।এই হ্ৰদটো সৌন্দৰ্যৰ ফালৰ পৰাও অতি আকৰ্ষণীয়।
- পালাক হ্ৰদ (Palak Lake, Mizoram)- মিজোৰামৰ“ Palak Wildlife Sanctuary” আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে পালাক হ্ৰদ। এই হ্ৰদৰ কাষৰীয়া অঞ্চলসমূহ বনস্পতি আৰু বিভিন্ন জৈৱ প্ৰজাতিৰ বাবে বিখ্যাত। কেইবাবিধো দুৰ্লভ প্ৰজাতিৰ উদ্ভিদ এই ঠাইত দেখিবলৈ পোৱা যায়।
- লোকটাক হ্ৰদ (Loktak Lake, Manipur)- লোকটাক পূৰ্বোত্তৰ ভাৰতৰ সৰ্ববৃহৎ সতেজ পানীৰ হ্ৰদ যি তাৰ উপঙি থকা দ্বীপবোৰৰ বাবে বিখ্যাত। এই দ্বীপবোৰক ফুমদিছ (phumdis) বুলি কোৱা হয়। উল্লেখ্য যে মণিপুৰৰ মইৰাং নামৰ ঠাইত থকা কেইবুল লামযাও (Keibul Lamjao) এই ঠাইৰ পানীত উপঙি থকা একমাত্ৰ উদ্যান। এই উদ্যানত লুপ্তপ্ৰায় চাংগাই হৰিণ দেখিবলৈ পোৱা যায়।
- চান্দডুবি হ্ৰদ (Chandubi Lake, Assam)- গুৱাহাটীৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ দূৰত্বত গাৰো পাহাৰৰ ভূমিত অৱস্থিত এই হ্ৰদ। হ্ৰদৰ দুয়োকাষে অসম আৰু মেঘালয়ে ঘেৰি আছে। এই ঠাইখনে জাৰকালি বিভিন্ন প্ৰবাসী পক্ষীক আকৰ্ষিত কৰে।উল্লেখ্য যে এই হ্ৰদটো ঘন জংঘল আৰু চাহ বাগিচাৰে আবৃত যি বনভোজৰ বাবে এক উল্লেখনীয় ঠাই।