উত্তৰ ভাৰতত ধাৰাসাৰ বৰষুণ ,বানপানী আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই এশৰ ঘৰ অতিক্ৰম কৰিছে। এসপ্তাহৰ ভিতৰতে কেৱল হিমাচল প্ৰদেশতে ৮০জন লোকৰ মৃত্যু হৈছে ৷
হিমাচল প্ৰদেশ, দিল্লী, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানৰ সমান্তৰালকৈ বিগত চাৰিদিন ধৰি সমগ্ৰ উত্তৰ ভাৰতত অবিৰত বৰষুণৰ ফলত পৰিস্থিতি ভয়াবহ ৰূপ ধাৰণ কৰিছে। উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা ৰাজ্যসমূহৰ ভিতৰত হিমাচল প্ৰদেশ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত । ৰাষ্ট্ৰীয় ঘাইপথ, দলং আদি বানে উটুৱাই নিছে ৷
হিমাচলৰ ভিতৰত মণ্ডী, উনা, হামিৰপুৰ, বিলাসপুৰ, চাম্বা, কংৰা আৰু কুলু, ছিৰমুৰ, কিন্নাউৰ, শিমলাত পুনৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। ৰাজ্যৰ আটাইকেইখন নদী বিপদৰ স্তৰৰ ওপৰেৰে বৈ আছে। ইৰাবাৰ্টি, ভিটাস্তা, শতদ্ৰু আৰু চন্দ্ৰভাগ নদীৰ বিপদজনক ৰূপ ধাৰণ কৰিছে। দেওবাৰে সোলান উপত্যকাত বৰষুণে ভংগ কৰিলে ৫০ বছৰীয়া অভিলেখ। সোলানত ১৩৫ মিলিমিটাৰ বৰষুণ হৈছে। ১৯৭১ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অঞ্চলটোত বৰষুণৰ পৰিমাণে অভিলেখ গঢ়িছে ৷
হিমাচল বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১ জুলাইৰ পৰা ১১ জুলাইলৈ ২৪৯.৬ মিলিমিটাৰ বৰষুণ হৈছে। যিটো সাধাৰণ বৰষুণৰ তুলনাত ২২৬ শতাংশ বেছি। কিন্নাউৰত ৫০০ শতাংশ অধিক বৰষুণ হয়। সোলনত ৪২৬ শতাংশ, ছিৰমুৰত ৩৬৭ শতাংশ, শিমলাত ৩৬০ শতাংশ, বিলাসপুৰত ৩২৫ শতাংশ, লাহুল আৰু স্পিতিত ২৩৩ শতাংশ, মাণ্ডিত ১৩০ শতাংশ অধিক বৰষুণ হৈছে । দুৰ্যোগৰ বাবে হিমাচলৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে ৩০০ পৰ্যটক। ৰাজ্যৰ ৪১টা স্থানত ভূমিস্খলন সংঘটিত হৈছে ৷
বতৰ বিজ্ঞান কেন্দ্ৰই ২৪খন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। হিমাচল, উত্তৰাখণ্ড, পঞ্জাৱ আৰু দিল্লীত বিগত পাঁচ দিন ধৰি ধাৰাবাহিকভাৱে বৰষুণ দি আহিছে। হিমাচলত কিছু পৰিমাণে হ্ৰাস পাব বৰষুণৰ পৰিমাণ। এই কথা কৈছে মৌসম ভৱনে। অৱশ্যে উত্তৰাখণ্ড, পশ্চিম উত্তৰ প্ৰদেশ আৰু বিহাৰত বৰষুণ বৃদ্ধি পাব। পঞ্জাৱত মৃত্যু হৈছে ৮ জন লোকৰ। হাৰিয়ানাত মৃত্যু হোৱা লোকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পাইছে । পঞ্জাৱৰ চাংৰুৰত ঘৰঘৰা নদীৰ মথাউৰি ভাঙি বহু অঞ্চল বুৰাই পেলায়।
আনহাতে, যোৱা ২৪ ঘন্টাত উত্তৰাখণ্ডৰ বহু ঠাইত ভূমিস্খলন সংঘটিত হৈছে। খহিৰ ফলত ১৩ জন লোক আহত হয়। বৰষুণত মৃত্যু হয় ৯ গৰাকী ভক্তৰ। বুধবাৰে ৰাজ্যৰ চাৰিখন জিলা — নাইনীতাল, উধম সিং নগৰ, চম্পাৱত আৰু পৌৰী গড়বালত অতি প্ৰবল বৰষুণ হোৱাৰ চূড়ান্ত সতৰ্কবাণী জাৰি কৰে মৌসম ভৱনে। আনহাতে, হৰিদ্বাৰ, ডেৰাডুন, টিহৰি গড়বাল, ৰুদ্ৰপ্ৰয়াগ আৰু উত্তৰকাশীত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। দুৰ্যোগৰ বাবে পুনৰ স্থগিত ৰখা হৈছে কেদাৰনাথ যাত্ৰা। ধাৰাসাৰ বৰষুণৰ বাবে সোণপ্ৰয়াগ আৰু গৌৰীকুণ্ডত আবদ্ধ হৈ আছে তীৰ্থযাত্ৰীসকল। উত্তৰাখণ্ড প্ৰশাসনে কয় যে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তীৰ্থযাত্ৰীক কেদাৰনাথ যাত্ৰাত যাবলৈ দিয়া নহ’ব।
দিল্লীত বিপদসীমাৰ ওপৰেৰে বৈ আছে যমুনা নদী। ২০৫ মিটাৰ অতিক্ৰম কৰিছে জলপৃষ্ঠ। হাৰিয়ানাৰ হাতীকুণ্ডা মথাউৰিৰ পানী এৰি দিয়াৰ ফলত দিল্লীৰ নিম্নভূমি অঞ্চল বুৰাই পেলাইছে। ৰাজধানীত বৰষুণ আৰু বান পৰিস্থিতিৰ বাবে ৫জন লোকৰ মৃত্যু।