চৰকাৰী ‘চিৰঞ্জীৱী’ আঁচনিৰ অধীনত চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ কৰি ১৮ জন লোকে দৃষ্টিশক্তি হেৰুৱাৰ অভিযোগ উত্থাপন হৈছে ।ৰাজস্থানৰ জয়পুৰৰ চৰকাৰী ছাৱাই মানসিংহ চিকিৎসালয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, ‘কেটাৰেক্ট অস্ত্ৰোপচাৰৰ ঠিক পিছতেই’ কমেও ১৮ জন লোকে দৃষ্টিশক্তি হেৰুৱাইছে। যদিও চিকিৎসকে দৃষ্টিশক্তি ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলি আছে বুলি দাবী কৰিছে ।
ৰাজস্থান চৰকাৰৰ নিজা আঁচনি হৈছে চিৰঞ্জীৱ স্বাস্থ্য আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰী চিকিৎসালয়ত ৰোগীৰ চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ কৰা হয়। এই আঁচনিখনত কেইবাজনো লোকে পঞ্জীয়ন কৰি জয়পুৰৰ ছাৱাই মানসিংহ চিকিৎসালয়ত চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ কৰে। বেছিভাগ ৰোগীয়ে অস্ত্ৰোপচাৰৰ লগে লগে চকুৰ বিষ হোৱা বুলি অভিযোগ কৰে। পৰিস্থিতি এনেকুৱা হয় যে তেওঁলোকক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় ৷ দুই এজনৰ পুনৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হ’ল। তাৰ বাবেই কমেও ১৮ জন লোকে এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলালে।
এজন ৰোগীয়ে সংবাদ সংস্থা এএনআইক জনোৱা অনুসৰি ৭ জুলাইলৈকে তেওঁ দুয়োটা চকুৰে সকলো দেখা পাইছিলোঁ। অস্ত্ৰোপচাৰৰ দুদিন পিছতে এটা চকুৰে দেখা পোৱা নাই। পুনৰ অস্ত্ৰোপচাৰ কৰা হ’ল। কিন্তু দৃষ্টিশক্তি ঘূৰি নাহিল।
অৱশ্যে গাফিলতিৰ অভিযোগ মানি ল’বলৈ অনিচ্ছুক চিকিৎসক। তেওঁলোকৰ ওলোটা দাবী যে সংক্ৰমণৰ বাবে চকুৰ দৃষ্টিশক্তি নোহোৱা হৈ গৈছে। লগতে এই সন্দৰ্ভত চোৱাচিতা কৰা বুলিও জানিবলৈ দিয়ে। তেওঁলোকৰ ফালৰ পৰা কোনো ভুল হোৱা বুলি বিভাগটোৱে স্বীকাৰ কৰিব বিচৰা নাছিল। ৰোগীসকলৰ অভিযোগৰ ভিত্তিত তদন্ত কৰা হ’ব বুলিও চিকিৎসালয়খনে জনাইছে।