অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি বৃহস্পতিবাৰে আমেৰিকাৰ কংগ্ৰেছৰ উচ্চ সদনৰ সংশ্লিষ্ট কমিটীয়ে প্ৰস্তাৱ গৃহীত কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ এসপ্তাহৰ ভিতৰতে ৰাষ্ট্ৰপতি জো বাইডেনৰ চৰকাৰী পদক্ষেপক কূটনৈতিক বাহিনীৰ এটা অংশই ‘উল্লেখযোগ্য’ বুলি গণ্য কৰিছে ৷
জুন মাহত প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে বাইডেন চৰকাৰে চীনলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ কথা সোঁৱৰাই দিছিল। এই পৰিৱেশত ছিনেট কমিটীত নতুন প্ৰস্তাৱ গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে ৷
বৃহস্পতিবাৰে চিনেটৰ জেফ মাৰ্কলি, বিল হেগাৰ্টি, টিম কেইন আৰু ক্ৰীছ ভেন হলেনে উত্থাপন কৰা প্ৰস্তাৱটোত কোৱা হৈছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ হোৱাৰ সন্দৰ্ভত আমেৰিকাৰ স্থিতি অদম্য। ভাৰতীয় প্ৰদেশখনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ শান্তি বিঘ্নিত কৰাৰ বাবে চীনৰ আগ্ৰাসী মনোভাৱক আমেৰিকাই গৰিহণা দিয়ে।
লাডাখৰ দৰেই অৰুণাচলৰ কিছু অংশক লৈ নতুন দিল্লী আৰু বেইজিঙৰ মাজত দীৰ্ঘদিনীয়া সংঘাত চলি আছে। উত্তৰ-পূর্বাঞ্চলৰ প্ৰদেশখনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৱৰ্তী টাৱাঙত যোৱা দুবছৰত কেইবাবাৰো দুই দেশৰ সেনাৰ সংঘৰ্ষ হৈছে। চলিত মাহত নতুন দিল্লীৰ আপত্তিক লৈ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ চৰকাৰে অৰুণাচলৰ ১১খন জিলাৰ নাম সলনি কৰে। এই পৰিস্থিতিত কিছুমান কূটনীতিবিদে ভাবে যে আমেৰিকাৰ চেচিনেটৰ কমিটীয়ে গ্ৰহণ কৰা এই প্ৰস্তাৱৰ যথেষ্ট গুৰুত্ব আছে। তেওঁলোকৰ মতে, ছিনেটৰ এই প্ৰস্তাৱে সীমান্তক লৈ চীনৰ সৈতে হোৱা সংঘাতত আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ স্থিতি শক্তিশালী কৰিব।