ৰাষ্ট্ৰীয় আইন আয়োগে নাগৰিক আৰু সংগঠনসমূহে ইউনিফৰ্ম চিভিল কোড (অভিন্ন দেৱানী বিধি )সন্দৰ্ভত নিজৰ মতামত দিয়াৰ সময়সীমা ২৮ জুলাইলৈ বৃদ্ধি কৰিছে। শুকুৰবাৰে আইন আয়োগে জাৰি কৰে এক অধিসূচনা। আইন আয়োগৰ তথ্য অনুসৰি যোৱা বুধবাৰলৈকে প্ৰায় ৫০ লাখ ব্যক্তি আৰু সংগঠনে অনলাইনযোগে নিজৰ মতামত দাখিল কৰিছে।
১৪ জুনত ২২ তম আইন আয়োগে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন সন্দৰ্ভত বিভিন্ন ধৰ্মীয় সংগঠন আৰু লোকৰ মতামত বিচাৰিছিল। প্ৰাৰম্ভিক সময়সীমা আছিল এমাহ। ইয়াৰ পিছতে এই বিষয়ত নতুন বিতৰ্ক আৰম্ভ হৈছে। প্ৰসংগক্ৰমে যোৱা ফেব্ৰুৱাৰী মাহত নৰেন্দ্ৰ মোডী চৰকাৰে ২২ নং আইন আয়োগৰ কাৰ্যকাল ২০২৪ চনৰ ৩১ আগষ্টলৈকে প্ৰায় ১৮ মাহ বৃদ্ধি কৰিছিল। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বলবীৰ সিং চৌহানৰ নেতৃত্বত ২১ নং আইন আয়োগৰ মতামত আছিল যে একেধৰণৰ নাগৰিক সংহিতা প্ৰৱৰ্তন কৰি সকলো হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, পাৰ্চী, জৈনৰ বাবে পৰিয়ালৰ বিষয় যেনে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ একে আইন প্ৰৱৰ্তন কৰাৰ প্ৰয়োজন নাই ।
অহা বছৰৰ এপ্ৰিল-মে’ মাহত পৰৱৰ্তী লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। দেশত একেধৰণৰ নাগৰিক সংহিতা প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ অবিচ্ছেদ্য অংগ। ৰাম মন্দিৰ, তিনি তালাক, কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিছত এইবাৰ ইউনিফর্ম চিভিল কোডৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব বুলি ইতিমধ্যে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। একে সময়তে বিভিন্ন ৰাজনৈতিক দল-ধৰ্মীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে ৷
শুকুৰবাৰে বিজেপি শাসিত ৰাজ্য অৰুণাচলৰ পৰাও ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা আহিছিল। অৰুণাচলৰ ২৬টা জনগোষ্ঠীৰ যৌথ মঞ্চ অৰুণাচলৰ খিলঞ্জীয়া জনজাতি মঞ্চই আইন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে অৰুণাচল ৰাজ্যত ২৬টা মূল আৰু প্ৰায় ১০০টা উপ-জনজাতি আছে, আৰু বিভিন্ন পৰম্পৰাগত ৰীতি-নীতি পালন কৰা হয়। সেয়েহে সকলোৰে ওপৰত একেধৰণৰ নাগৰিক নিয়ম জাপি দিব নালাগে। তেওঁলোকৰ কথা হ’ল, ‘মূল ভূখণ্ড’ত একেধৰণৰ নিয়ম বলবৎ কৰাত কোনো আপত্তি নাই, কিন্তু অৰুণাচলৰ জনজাতীয় লোকসকলক ইয়াৰ পৰিসৰৰ বাহিৰত ৰাখিব লাগে।
ইতিমধ্যে একেধৰণৰ নাগৰিক সংহিতাৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰিছে খ্ৰীষ্টান প্ৰধান উত্তৰ-পূবৰ তিনিখন ৰাজ্য মিজোৰাম, মেঘালয় আৰু নাগালেণ্ডৰ চৰকাৰ আৰু বিভিন্ন সংগঠনে। মিজোৰামৰ শাসকীয় বিজেপিৰ সহযোগী এমএনএফৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই আইন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ক্ষেত্ৰত একেধৰণৰ নিয়ম প্ৰয়োগ কৰাটো অবাস্তৱ বুলি উল্লেখ কৰিছে। কোনেও মানি নলয় বুলিও তেওঁ স্পষ্ট কৰিছে ৷