প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক চন্দন কাঠত খোদিত চেতাৰ প্ৰদান কৰে। মেক্ৰনৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে পেৰিছত উপস্থিত হৈ বেষ্টিল দিৱসৰ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে মোডীয়ে । দুয়োগৰাকী নেতাৰ সাক্ষাতৰ সময়ত মোডীৰ উপহাৰৰ তালিকাত আছিল পচাম্পলি ইকাট ৰেচমৰ শাৰী, মাৰ্বলৰ টেবুল, কাশ্মীৰীৰ কম্বল আৰু চন্দন কাঠৰ হাতীৰ প্ৰতিকৃতি। ভাৰতীয় বাদ্যযন্ত্ৰ চেতাৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ প্ৰিয় বাদ্যযন্ত্ৰ। তেওঁ নিজেও বজাবলৈ চেষ্টা কৰিছিল।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিলৈ মোডীৰ উপহাৰ সাজি উলিয়াইছিল দক্ষিণ ভাৰতৰ শিল্পীয়ে। চেতাৰত গণেশ আৰু সৰস্বতীৰ প্ৰতিমূৰ্তিৰ লগতে জাতীয় পক্ষী ময়ুৰৰ প্ৰতিকৃতি খোদিত কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে মেক্ৰনৰ পত্নী আৰু ফ্ৰান্সৰ ফাৰ্ষ্ট লেডী ব্ৰীজিট মেক্ৰনক উপহাৰ দিয়ে ইক্কাট ৰেচম শাৰী। বিশেষভাৱে নিৰ্মিত এই শাৰীখন তেলেংগানাৰ শিপিনীসকলে তৈয়াৰ কৰিছে। পাচাম্পলি ইক্কাট শাৰী ইয়াৰ স্পন্দনশীল ৰং আৰু ডিজাইনৰ বাবে বিশ্ববিখ্যাত। মোদীয়ে এই শাৰীখন ব্রিজিটক চন্দন কাঠৰ বাকচত উপহাৰ দিছিল।