প্ৰাথমিক বিদ্যালযৰ ২৫টা শিশুৰ খাদ্যত বিহ দিয়াৰ অপৰাধত এজন শিক্ষকক ফাঁচীৰ শাস্তি প্ৰদান কৰা হৈছে ৷ সেই ঘটনাত এটি শিশুৰো মৃত্যু হয়। চাৰি বছৰ পূৰ্বে সংঘটিত ঘটনাত শিক্ষকজনক দোষী সাব্যস্ত কৰা হৈছিল। চীন চৰকাৰে এই সপ্তাহত তেওঁক ফাঁচী দিয়ে ৷ শুকুৰবাৰে চীনৰ চৰকাৰী কাকতত এই তথ্য প্ৰকাশ পাইছে ৷
প্ৰকাশিত বাতৰি অনুসৰি শিক্ষকজনৰ নাম ৱাং উন। বয়স ৩৯ বছৰ। ২০২০ চনৰ পৰা হেনান প্ৰদেশৰ আদালতত ৱাঙৰ বিৰুদ্ধে গোচৰ চলি আছে। বৃহস্পতিবাৰে আদালতত দোষী সাব্যস্ত হয় শিক্ষকজনক। ইয়াৰ পিছত তেওঁক মৃত্যুদণ্ড দিয়া হয়। সেইদিনাই ৱাঙক ফাঁচী দিয়া হৈছিল।
বিদ্যালয়খনৰ আন এগৰাকী শিক্ষকৰ সৈতে উত্তেজিত সম্পৰ্কৰ পৰাই এই ঘটনাৰ আৰম্ভণি হয়। ২০১৯ চনৰ মাৰ্চ মাহত ৱাঙে ছডিয়াম নাইট্ৰেট ক্ৰয় কৰিছিল। ইয়াৰ পিছত স্কুললৈ গৈ ছাত্র-ছাত্রীৰ বাবে ৰন্ধা খাদ্যত ৰাসায়নিক পদাৰ্থবিধ মিহলাই দিয়ে। বিষক্ৰিয়াৰ ফলত মৃত্যু হয় এজন ছাত্ৰৰ। আন ২৫ জন ছাত্ৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে।
ইয়াৰ পাছতে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। কিন্তু তেওঁলোকে কোনো সূত্ৰ বিচাৰি নাপালে। সেই তদন্ত এবছৰতকৈও অধিক সময় চলিল। অৱশেষত তদন্তকাৰীয়ে এই ঘটনাত শিক্ষকজনৰ জড়িত থকাৰ উৎস বিচাৰি উলিয়ালে। কিন্তু ৱাঙে সেইদিনা স্কুলৰ পৰা পদত্যাগ কৰিছিল। সেই শিক্ষকজনক বৃহস্পতিবাৰে ফাঁচী দিয়া হৈছিল।