দুদিনীয়া ফ্ৰান্স ভ্ৰমণৰ অন্তত শনিবাৰে সংযুক্ত আৰব আমিৰশ্বাহীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আৰৱৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী। মোডীৰ এই ভ্ৰমণে ভাৰতৰ সৈতে কৌশলগত সম্পৰ্ক থকা সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে দ্বিপাক্ষিক বুজাবুজি আৰু অধিক শক্তিশালী কৰিব। মোডীৰ ভ্ৰমণ উপলক্ষে দেশখনৰৰ বুৰ্জ খলিফাত জাতীয় পতাকাৰ ৰঙেৰে অংকন কৰা হৈছে ৷
সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবিত পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ কৰে। এই ভ্ৰমণ সন্দৰ্ভত মোদীয়ে এক বিবৃতিত কয় , “মই মোৰ বন্ধু ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদক লগ পাবলৈ আগ্ৰহী।” বৈঠকৰ সম্ভাৱ্য কাৰ্যসূচীত সন্দর্ভত মোদীয়ে কয় যে বাণিজ্য, বিনিয়োগ, শক্তি, খাদ্য সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি একাধিক বিষয়ত একেলগে কাম কৰিব ৷
প্ৰসংগক্ৰমে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ‘বেষ্টিল ডে’ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ পেৰিছত উপস্থিত হয়। তেওঁৰ এই ভ্ৰমণৰ সময়ত কেইবাখনো দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু বাণিজ্যিক চুক্তি স্বাক্ষৰিত হয়। ফ্ৰান্সৰ পৰা উভতি অহাৰ পথত শুকুৰবাৰে এদিনৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।