ড্ৰাগছকেন্দ্ৰিক বাতৰিয়ে অসমৰ সংবাদ মাধ্যম উত্তপ্ত কৰি ৰখাৰ সময়তেই মিজোৰাম আৰক্ষীয়ে শুকুৰবাৰে বিয়লি এক অভিযানত বৃহৎ সফলতা লাভ কৰে৷ তথ্য অনুসৰি এই অভিযানত আৰক্ষীয়ে ১০০ কোটি টকা মূল্যৰ ড্রাগছসহ দুজনকৈ ড্রাগছ পেডলাৰক গ্রেপ্তাৰ কৰিছে।
এই ঘটনাই অসম তথা উত্তৰ-পূর্বাঞ্চললৈ ড্রাগছ সৰবৰাহৰ প্রধান কৰিড’ৰ যে মিজোৰাম সেই কথা পুনৰবাৰ প্ৰমাণিত কৰিলে৷ প্রধানতঃ ম্যানমাৰৰ পৰা মিজোৰাম হৈ এই বৰবিহ সৰবৰাহ হৈ আহিছে৷ সময়ে সময়ে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্রাগছসহ বহুসংখ্যক সৰবৰাহকাৰী ধৰা পৰিছে যদিও এতিয়াও যে তাত সৰবৰাহ চক্ৰ সক্ৰিয় সেই কথা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাৰ পৰাই বুজিব পাৰি।
বাতৰি অনুসৰি মিজোৰাম আৰক্ষীয়ে আইজলৰ পৰা প্রায় ২০ কিলোমিটাৰ দূৰত্বৰ ছৈৰাং গাঁৱত এই অভিযান চলাইছিল৷ অভিযানত ধৃত মণ্টু কুমাৰ দেৱ (৪৫) আৰু সুভাষ দাস (৩৩) অসমৰ কৰিমগঞ্জ জিলাৰ বাসিন্দা৷ মিজোৰাম আৰক্ষীয়ে উল্লেখ কৰিছে যে বাহনত তালাচী চলাই থকাৰ সময়তে ৰখোৱা এখন ট্রাকৰ ভিতৰৰ পৰা ৫০ কিলোগ্রাম মাৰাত্মক মেথামফেটামাইন (মেথ) টেবলেট উদ্ধাৰ কৰা হয়। এই সন্দর্ভত নার্ক’টিক ড্রাগ্ছ এণ্ড ছাইক’ট্রপিক ছাবষ্টেন্ছ এক্ট ১৯৮৫ৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰখা বুলি সংবাদ প্রতিষ্ঠানক জানিবলৈ দিছে মিজোৰাম আৰক্ষীয়ে।
একেলগে ইমান বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে ইয়াৰ সৰবৰাহৰে জড়িত অসমৰ দুজনকৈ লোকক গ্রেপ্তাৰ কৰাটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ যোৱা বছৰৰ ফেব্রুৱাৰী মাহৰ শেষভাগত অসম সীমান্তৱর্তী ভাইৰেংটিৰ সমীপত ৯৭.৫০ কোটি টকা মূল্যৰ মেথামফেটামাইন টেবলেট জব্দ কৰা হৈছিল।
শিলচৰ অভিমুখী এখন ট্রাকৰ পৰা জব্দ কৰা এই ড্রাগ্ৰছখিনি অসমলৈ সৰবৰাহৰ উদ্দেশ্যেই আনি থকা হৈছিল বুলি অনুমান কৰা হৈছে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে শূণ্য সহনশীলতাৰে আৰম্ভ কৰা ড্ৰাগছবিৰোধী অভিযান অবিচ্ছিন্ন গতিৰে অব্যাহত আছে। আনহাতে অসমত এতিয়াও প্ৰায় তিনি লাখ ড্ৰাগছ ব্যৱহাৰকাৰী আছে বুলি সমীক্ষাত প্ৰকাশ পাইছে। তেনে স্থলত ১০০ কোটি টকা মূল্যৰ ড্ৰাগছ উদ্ধাৰৰ ঘটনাই অসমত যে এতিয়াও অসংখ্য ড্ৰাগছ ব্যৱহাৰকাৰী তথা সৰবৰাহকাৰী সক্ৰিয় হৈ আছে সেই কথা স্পষ্ট কৰি তুলিছে।
আনহাতে কিছুদিন আগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এটা টুইটযোগে প্ৰকাশ কৰিছিল যে যোৱা ১০০ দিনত অসম আৰক্ষীয়ে প্ৰায় ২০০ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰিছে। এতিয়া আইজলত একেদিনাই উদ্ধাৰ হোৱা ১০০ কোটি টকাৰ অংকই পুনৰ যেন ড্ৰাগছ সম্পৰ্কীয় অংকবোৰত খেলিমেলিৰ সৃষ্টি কৰিলে।
অসম আৰক্ষীয়ে ড্রাগছৰ বিৰুদ্ধে এইদৰে অব্যাহত ৰখা ধাৰাবাহিক অভিযানৰ সময়তেই ম্যানমাৰৰ পৰা মিজোৰাম হৈ অসমলৈ ড্রাগছ সৰবৰাহৰ নেটৱর্ক গঢ়ি উঠা বিষয়টো ব্যাপক ৰূপত চর্চালৈ আহিছে। ধৃত মণ্টু আৰু সুভাষক মিজোৰাম আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে আৰু শীঘ্রে ড্রাগছ সৰবৰাহৰ বৃহৎ নেটৱর্ক তথা নিষিদ্ধ বেহা সন্দর্ভত বহু গুৰুত্বপূর্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি সচেতন মহলে আশা কৰিছে।