উত্তৰাখণ্ডৰ বিখ্যাত কেদাৰনাথ মন্দিৰ পৰিচালনা কৰা শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ কমিটীয়ে মন্দিৰ চৌহদৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইউটিউবাৰ বিশাখা ফুলছনুংগে কেদাৰনাথ মন্দিৰৰ সন্মুখত প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মন্দিৰ চৌহদৰ বিভিন্ন ঠাইত কৰ্তৃপক্ষই বৰ্ড লগাইছে য’ত লিখা আছে, ‘মোবাইল ফোন লৈ মন্দিৰ চৌহদত প্ৰৱেশ নকৰিব; মন্দিৰৰ ভিতৰত যিকোনো ধৰণৰ ফটোগ্ৰাফী আৰু ভিডিঅ’গ্ৰাফী কঠোৰভাৱে নিষিদ্ধ আৰু আপুনি চিচিটিভি কেমেৰাৰ নিৰীক্ষণত আছে’। সমিতিৰ সভাপতি অজয় অজেন্দ্ৰই সংবাদ সংস্থা এএনআইক জনোৱা মতে, তীৰ্থযাত্ৰীসকলকো মার্জিত সাজ-পোছাক পৰিধান কৰিবলৈ আহ্বান জনোৱা হৈছে।
অজেন্দ্ৰই কয় , “কেদাৰনাথলৈ যোৱা তীৰ্থযাত্ৰীসকলক মার্জিত সাজ-পোছাক পৰিধান কৰিবলৈ আহ্বান জনোৱা হৈছে। পূৰ্বে কিছুমান তীৰ্থযাত্ৰীক মন্দিৰৰ ভিতৰত অশ্লীলভাৱে চিত্ৰগ্ৰহণ আৰু ফটো তোলা ধৰা পৰিছিল।” এই নিৰ্দেশ পালন নকৰা তীৰ্থযাত্ৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
অজেন্দ্ৰই লগতে কয় যে বদ্ৰীনাথ ধামৰ পৰা এতিয়াও কোনো অভিযোগ পোৱা নাই, গতিকে তাত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। যদিহে কৰ্তৃপক্ষই কোনো অভিযোগ লাভ কৰে তেন্তে তাত সতৰ্কবাণী বৰ্ডো স্থাপন কৰা হ’ব।
যোৱা মাহত ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰা হৈছিল ইউটিউবাৰ গৰাকীৰ এই ভিডিঅ’টো। ইয়াত দেখা গৈছিল প্ৰাৰ্থনা কৰি থকা প্ৰেমিকক ইউটিউবাৰগৰাকীয়ে আঁঠু লৈ তেওঁক আঙঠিৰে প্ৰেমৰ প্ৰস্তাৱ দিছিল। ভিডিঅ’টোৱে ইণ্টাৰনেটত বিতর্কৰ সৃষ্টি কৰিলে ৷ কিছুমান ব্যৱহাৰকাৰীয়ে এই কার্যত কোনো ভুল বিচাৰি নাপালেও ইণ্টাৰনেটৰ এক বৃহৎ অংশই ইয়াক অসন্মানজনক বুলি বিবেচনা কৰিছিল। একাংশ লোকে কয় যে এনে কাৰ্যৰ বাবে কেদাৰনাথ মন্দিৰৰ পবিত্ৰতাৰ লগত আপোচ কৰা হৈছে।