ইউ পি এৰ নাম সলনি হ’ব নেকি ? বেংগালুৰুত বিৰোধী দলসমূহৰ বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজনীতিত বিৰোধী মিত্ৰজোঁটৰ নাম সলনি হ’বলৈ ওলাইছে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। যদিও এই বিষয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে এই সন্দৰ্ভত সোমবাৰে সংবাদমেলত কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি ভেনুগোপালে কয় যে সকলো বিৰোধী দলৰ সৈতে আলোচনাৰ অন্ততহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
বিৰোধীৰ এক সূত্ৰৰ মতে, লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী দলসমূহে এক উমৈহতীয়া নূন্যতম কাৰ্যসূচীৰে আগবাঢ়ি যাব পৰাকৈ বেংগালুৰুত বিতং আলোচনা হ’ব। বিভিন্ন ৰাজ্যৰ দলসমূহৰ মাজত আসনৰ ভাগ –বতৰা সন্দৰ্ভতো আলোচনা হ’ব। সূত্ৰটোৰ মতে, বিৰোধী দলসমূহৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন উপ-সমিতি গঠন কৰা হৈছে। দিল্লীত এটা কাৰ্যালয় খোলাৰ পৰিকল্পনাও কৰা হৈছে ৷যাতে বিৰোধী দলসমূহে সামূহিকভাৱে নিজৰ ভৱিষ্যতৰ কাৰ্যপন্থা আলোচনা কৰিব পাৰে ৷