অসম STF ৰ DIG শ্ৰী পাৰ্থ সাৰথি মহন্ত, আইপিছ, -ৰ বিশেষ সূত্ৰৰ আধাৰত এটি দুধৰ্ষ ডকাইত তথা অবৈধ জালনোটৰ সৰবৰাহকাৰী দলক কৰায়ত্ব কৰিবলৈ কৰা পৰিকল্পনা মৰ্মে STFৰ এটা অভিযানকাৰী দলে ১৬ জুলাইৰ পুৱাৰে পৰা বিশেষ অভিযানত নামি পৰে।
জালনোট সৰবৰাহকাৰী তথা ডকাইতৰ এই দলটোক ধৰিবলৈ পৰিকল্পনা কৰি গুৱাহাটীৰ STFৰ অভিযানকাৰী দলটোৱে ১৬ জুলাইৰ পুৱাৰে পৰা অভিযান চলায় আৰু অৱশেষত বিয়লি ২-৩০ মান বজাত নগাওঁ জিলাৰ ৰুপহীহাট এলেকাৰ ঔঅনা গাঁৱৰ কাষৰ পৰা অভিযান চলাই চাৰিজনীয় দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জালনোট সৰবৰাহকাৰী তথা ডকাইতৰ এই চাৰিজনীয়া দলটোৰ পৰা এটা পিস্তল আৰু এটা সজীৱ গুলী উদ্ধাৰ কৰি জব্দ কৰা হয়। লগতে অপৰাধত ব্যৱহাৰ কৰা AS 03H 9133 নম্বৰৰ মাৰুতি এৰটিগা গাড়ীখন আৰু ৪ টা মোবাইল ফোন জব্দ কৰা হয়।
সোধাপোছা কৰাৰ অন্তত জানিব পৰা যায় যে আতকাধীন চাৰিজন অপৰাধী নগাওঁ জিলাৰ ৰুপহীহাট থানা এলেকাৰে বাসিন্দা আৰু তেওঁলোকৰ পৰিচয় হ’ল:- ১) আছিকুল খান ওৰফে আৰ্ছিফুল ইছলাম (২২ বছৰ), পিতা- আয়ুব খান, গাওঁ- গেৰেকী, ২) মুজিবুৰ ৰহমান (২১ বছৰ), পিতা- সূৰুয আলি, গাওঁ-তামূলিটোপ, ৩) নজৰুল হক (২৫) বছৰ), পিতা- ছালমান আলি, গাওঁ- তামুলীটোপ আৰু ৪) নজৰুল হক (২১ বছৰ), পিতা- গুলজাৰ হুছেইন, গাওঁ- গড়েমাটিখোৱা।
এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২/৩৯৪/৪২০/৩৪ ধাৰা আৰু Arms Actৰ ২৫(১)(ক) ধাৰাৰ অধীনত STF থানাৰ ৮/২০২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই থকা হৈছে।