কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা উমেন চাণ্ডীৰ দেহাৱসান ঘটিছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। মঙলবাৰে বাংগালুৰুৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰই এই খবৰ ছচিয়েল মিডিয়াত প্ৰকাশ কৰে।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ পিছত মঙলবাৰে কেৰালাত বন্ধ ঘোষণা কৰা হৈছে। কংগ্ৰেছৰ সূত্ৰ অনুসৰি মঙলবাৰে পুৱা ৪:২৫ বজাত তেওঁ শেষ উশাহ নিশ্বাস ত্যাগ কৰে । তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হৈছিল। দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে দুৰ্বল হৈ আছিল মুখ্যমন্ত্ৰী গৰাকী। শেহতীয়াকৈ তেওঁ চিকিৎসাৰ বাবে বাংগালুৰুতে থাকিবলগীয়া হৈছিল।
উমেনে ২০০৪ চনৰ পৰা ২০০৬ চনলৈ আৰু ২০১১ চনৰ পৰা ২০১৬ চনলৈকে মুঠ সাত বছৰ কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ বিত্ত বিভাগ, গৃহ পৰিক্ৰমা বিভাগ, শ্ৰম বিভাগ আদিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। উমেনে কেৰালা বিধানসভাত বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
কেৰালাৰ পুঠুপল্লী বিধানসভা আসনৰ পৰা একেৰাহে জয়ী হৈছে উমেন। কেৰালাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন, বিধানসভাৰ অধ্যক্ষ, বিৰোধী দলৰ নেতা আদিয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও টুইটযোগে শোক প্ৰকাশ কৰে।