এগৰাকী সুন্দৰী যুৱতী। তালিবানীৰ পৰা নিজক বচাই ৰাখিবলৈ ১০ বছৰ ধৰি ল’ৰাৰ দৰে জীৱন-যাপন কৰিবলৈ বাধ্য হৈছিল।পৰিয়াল চলাবলৈ বাধ্যত পৰি যুৱতী গৰাকীয়ে লৈছিল এই কঠোৰ সিদ্ধান্ত।ল’ৰাৰ দৰে সাজ-পাৰ, ল’ৰাৰ দৰেই কাম-কাজ সকলোখিনি ল’ৰাৰ দৰেই কৰি গৈছিল।
নাদিয়া গুলাম নামৰ এই জনপ্ৰিয় লেখিকা গৰাকীয়ে নিজৰ ঘটনা ৰাজিক লৈ লিখি উলিয়াইছে এখন কিতাপ।কেনেকৈ জীৱনৰ ১০ টা বছৰ তেওঁ এক দুৰ্বিসহ জীৱন পাৰ কৰিছিল।কিদৰে আৰু কিয় তেওঁ ছোৱালীৰ পৰা ল’ৰা হ’ব লগা হৈছিল।
তালিবানীৰ দ্বাৰা সংঘটিত হোৱা এক বোমা আক্ৰমণত লেখিকা গৰাকীৰ মুখৰ আগতেই নিজৰ ভাতৃ নিহত হৈছিল লগতে নিজেও আঘাত প্ৰাপ্ত হৈ যেতিয়া চিকিৎসালয়ত ভৰ্ত্তি হৈছিল,তেতিয়াই থিৰাং কৰিছিল জীৱনৰ এই চৰম সত্যক।
সেই সময়ত নাদিয়াৰ বয়স আছিল মাত্ৰ ১১ বছৰ।তেনে বয়সতে জীৱনলৈ আহি পৰা দুৰ্যোগৰ সৈতে মোকামিলা কৰিবলৈ সুদীৰ্ঘ ১০ তাকৈ বছৰ নিজক লুকুৱাই ৰাখি সম্পূৰ্ণ ল’ৰাৰ দৰে সকলো কৰি জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছিল।
বৰ্তমান স্পেইনত থকা লেখিকা গৰাকীয়ে জীৱনৰ এই ১০ বছৰৰ সকলোখিনি কথা এখন কিতাপ আকাৰত লিখি প্ৰকাশ কৰিছে । কেনেকৈ তালিবানৰ অত্যাচাৰৰ পৰা বাচিবলৈ এই পন্থা লৈছিল।আৰু কেনেকৈ জীৱন সংগ্ৰামৰ সংঘাতত অৱতীৰ্ণ হৈছিল।