ভাৰত হৈছে সংস্কৃতি , পৰম্পৰা , সমাজ , ভাষা আৰু বিভিন্ন খাদ্যসম্ভাৰেৰে পৰিপূৰ্ণ এখন দেশ।ভাৰতীয় ব্যঞ্জনসমূহ সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ । ভাৰতত এনে বহুতো ঠাই তথা জাতি-জনজাতিৰ লোক আছে যাক সেই ঠাইৰ বা মানুহৰ খাদ্যাভ্যাসৰ বাবে জনা যায়।
ভাৰতবৰ্ষৰ লোকসকলৰ মাজতে এনে কিছুমান বিচিত্ৰ খাদ্য আছে , যিবোৰৰ কথা হয়তো বহুতো লোকে শুনাই নাই। আচৰিত যেন লাগিলেও সঁচা যে ভাৰতৰ কিছুমান ঠাইৰ লোকসকলে কিছুমান অদ্ভুত খাদ্য গ্ৰহণ কৰে।
এই খাদ্যবোৰ হৈছে –
- পলু লেটা( Silkworm’s Pupa, Assam) পলু লেটা ভজা অসমৰ বহুতো লোকৰ বাবে এক বিদেশী অসমীয়া ব্যঞ্জন। এই লেটাসমূহ সূতা বা কপাহৰ মেৰৰ মাজত সোমাই থাকে । বিভিন্ন ধৰণৰ খোৱা মচলা ব্যৱহাৰ কৰি এই পলু লেটাৰ ব্যঞ্জন তৈয়াৰ কৰা হয়। আনহাতে এই ব্যঞ্জন দেখিবলৈ শুৱনি হোৱাৰ লগতে খাবলৈও অতি সোৱাদযুক্ত হয়।
- আমৰলি পৰুৱা (Chaprah or red ant chutney,Chattisgarh)- চত্তিশগড়ৰ জনজাতীয় লোকসকলৰ মাজত আমৰলি পৰুৱাৰ ব্যঞ্জন অতি জনপ্ৰিয়। সাধাৰণতে এই ৰঙা আমৰলি পৰুৱাবিধ চাটনি হিচাপে তৈয়াৰ কৰি খায় ।আনহাতে পৰুৱাৰ টোপবোৰ পিঁয়াজ আৰু জলকীয়াৰ লগত ভাজি খায়। উল্লেখ্য যে অসমীয়া লোকেও ব‘হাগ বিহুৰ আগদিনা খাদ্য হিচাপে আমৰলি টোপ খোৱা পৰম্পৰা অতীজৰে পৰা চলি আহিছে।
- ভেকুলীৰ ঠেং (Frog Legs, Sikkim) – ছিকিমৰ জনসাধাৰণৰ বাবে ভেকুলীৰ ঠেঙতকৈ সুস্বাদু খাদ্য আন একো নাই বুলি ক’লেও মিছা কোৱা নহ’ব। ছিকিমৰ লেপছা (Lepcha) সম্প্ৰদায়ৰ লোকসকলে এই খাদ্য গ্ৰহণ কৰে। এই খাদ্যই বিভিন্ন ধৰণৰ পেটৰ বেমাৰ নিৰাময় কৰে বুলি সেই ঠাইৰ লোকসকলে বিশ্বাস কৰে।
- শামুক ( Snails, Odisha)- উৰিষ্যাৰ বহুতো লোকে শামুক খাদ্য হিচাপে গ্ৰহণ কৰে। সেই ঠাইত বহুতো জনজাতীয় লোক আছে যিসকলৰ বাবে শামুকৰ পৰা তৈয়াৰ কৰা ব্যঞ্জন এক প্ৰধান খাদ্য। বহুতো লোকে মাটিমাহৰ লগতো শামুকৰ ব্যঞ্জন প্ৰস্তুত কৰি খায়। এই খাদ্য খাবলৈ অতি সোৱাদযুক্ত হয়।
- কুকুৰ মাংস (Dog Meat, Nagaland)- অবিশ্বাস্য যেন লাগিলেও সঁচা যে নাগালেণ্ডৰ জনসাধাৰণৰ এক প্ৰিয় খাদ্য হৈছে কুকুৰৰ মাংস। এই ঠাইৰ আদিবাসী সমুদায়ৰ বাবে এই ব্যঞ্জনবিধ এক প্ৰিয় খাদ্য। এই মাংস আন শাক-পাচলিৰ লগত সংমিশ্ৰণ কৰি কেইবাবিধো ব্যঞ্জন প্ৰস্তুত কৰা হয়।
- সৰু চাৰ্ক মাছৰ তৰকাৰী( Baby shark curry, Goa)- সাগৰীয় মাছৰ খাদ্য গোৱাত বহুলভাৱে প্ৰচলিত। কিন্তু সেই মাছৰ ব্যঞ্জনৰ ভিতৰত এক উল্লেখযোগ্য খাদ্য হৈছে সাগৰীয় সৰু চাৰ্ক মাছৰ তৰকাৰী। বিভিন্ন ধৰণৰ মচলাৰ ব্যৱহাৰ কৰি বেলেগ বেলেগ ধৰণেৰে এই ব্যঞ্জন প্ৰস্তুত কৰা হয়।