দুৰ্নীতি, আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতিকে ধৰি কেইবাটাও অভিযোগত বিৰোধী বিজেপিয়ে ছত্তীশগড় কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে। শুকুৰবাৰে পুৱা ১ বজালৈকে প্ৰায় ১৩ ঘণ্টাৰ বিতৰ্কৰ অন্তত এই প্ৰস্তাৱটো ধ্বনি ভোটত পৰাস্ত হয় বিজেপি ।ইয়াৰ লগে লগে ভূপেশ বাঘেল নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰো ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ‘নিৰাপদ’ হৈ থাকিল।
বুধবাৰে বিজেপিয়ে ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে। শুকুৰবাৰে বিয়লিৰ পৰা আৰম্ভ হয় এই প্ৰস্তাৱ সন্দৰ্ভত আলোচনা। বিজেপি বিধায়কসকলে কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ১০৯ দফীয়া অভিযোগনামা দাখিল কৰি মুখ্যমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰে। প্ৰসংগক্ৰমে সেই ৰাজ্যৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আবকাৰী দুৰ্নীতি আৰু চাউলৰ দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ২০০০ কোটি টকাৰ আবকাৰী দুৰ্নীতিৰ সৈতে মুখ্যমন্ত্ৰী বাঘেলও জড়িত বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। অৱশ্যে কংগ্ৰেছে বিজেপিক ৰাজনৈতিক প্ৰতিশোধৰ অভিযোগ উত্থাপন কৰিছে।
শুকুৰবাৰে পুৱাও ইডিয়ে ধন সৰবৰাহৰ গোচৰৰ তদন্তত ছত্তীশগড় প্ৰদেশ কংগ্ৰেছ কার্যালয় আৰু কেইবাজনো শীৰ্ষ আইএএছ বিষয়াৰ ঘৰত অভিযান চলায়। ৯০ জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ৭১ জন আৰু মাত্ৰ ১৩ জন বিজেপি বিধায়কহে উপস্থিত আছিল। ধ্বনি ভোটত বিজেপিয়ে অনা আস্থা প্রস্তাৱ নাকচ কৰে৷