সুকীয়া কলা-সংস্কৃতিৰে চহকী জিলা হৈছে দৰং ৷ জিলাখনৰ আছে সুকীয়া লোক-সংস্কৃতি ৷ দৰঙৰ অন্যতম লোক-উৎসৱ হৈছে দেউল ৷ সমগ্ৰ ব’হাগ মাহজুৰি দৰঙত উদযাপন কৰা হয় দেউল উৎসৱ ৷ সংস্কৃত শব্দ দেৱদলৰ পৰা উৎপত্তি হৈছে দেউল নামটো ৷ পৰম্পৰা অনুসৰি ভিঠিত স্থাপিত ঢিপত প্ৰতিষ্ঠিত চাৰিডাল বাহঁ আৰু কলপুলি পুতি চন্দ্ৰতাপ তৰি তাত যজ্ঞ কৰা হয় ৷ যজ্ঞৰ শেষত মেষ-দাহন পর্বও পালন কৰা হয় ৷ এদিন বা দুদিন জুৰি চলা এই দেউল উৎসৱ অঞ্চলভেদে প্ৰভেদ নথকা নহয় ৷
কোনো কোনো ঠাইত শিৱ-পার্ৱতীৰ নামত আৰু কোনো কোনো ঠাইত বেউলা-লক্ষীন্দাৰৰ নামত দুডাল বা দুজোপা বাহঁ চিত্ৰ-বিচিত্ৰ কৰি বিয়া পাতি দিয়া হয় আৰু বিয়াৰ শেষত সেই দুডাল বা দুজোপা বাঁহ কান্ধত লৈ গাৱঁৰ বয়সস্থ মানুহবিলাকে ল’ৰা-ডেকাৰ লগত লগ লাগি গোটেই গাঁওখন প্ৰদিক্ষণ কৰাই পুখুৰী বা নদীত উটুৱাই দিয়ে ৷ দেউল উপলক্ষে থিয় নাম-খুলীয়া ভাওৰীয়া আদিও অনুষ্ঠিত কৰা হয় ৷