আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অৰুণাচল প্ৰদেশ চৰকাৰক ৰাজ্যখনত বসবাস কৰা অসমীয়া লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বা পি আৰ চি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। শনিবাৰে এক পত্ৰ যোগে এই লোকসকলক পি আৰ চি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক আব্বান জনাই সেনাধ্যক্ষ গৰাকীয়ে।
পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ লিখা পত্ৰত পি আৰ চি মঞ্জুৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰি উল্লেখ কৰে যে “অৰুণাচল প্ৰদেশ সদায়েই বছৰ বছৰ ধৰি তাত বাস কৰা অসমীয়া ভাষী লোকসকলৰ প্ৰতি সদয় হৈ আহিছে। আনহাতে ১৯৭২ত নেফা গঠন হোৱাৰ পূৰ্বৰে পৰা প্ৰজন্মৰ পাছত প্ৰজন্ম সেই ভূমিত বাস কৰি অহা বাসিন্দাসকল এতিয়া বিভাজনৰ সংকটৰ সন্মুখীন হৈছে”।
লাহে লাহে সংখ্যালঘু হৈ পৰা অসমীয়া লোকসকল অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰাৰ লগতে অস্তিত্বৰ সংকটত পৰিছে। এতিয়া অসংখ্য পৰিয়াল উত্তৰাধিকাৰ সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈছে। এই অসমীয়া পৰিয়ালবোৰৰ ঐতিহ্য যাতে হেৰাই নাযায় তাৰ বাবে উচিত পদক্ষেপ ল’বলৈ আহ্বান জনাই সেনাধ্যক্ষ গৰাকীয়ে।
উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত বহু দশকজুৰি মৰাণ, আহোম, দেউৰী, আদিবাসী, কছাৰী আৰু অসমীয়া মূলৰ আন লোকসকল বসবাস কৰি আহিছে।