মণিপুৰ সমস্যাক লৈ সৃষ্টি হোৱা হুলস্থুলৰ মাজতে আজি লোকসভাত কেন্দ্রই জন্ম-মৃত্যুৰ পঞ্জীয়ন (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন কৰে৷ কিন্তু প্ৰতিবাদৰ বাবে চৰকাৰে আজি বিধেয়কখন গৃহীত কৰাৰ চেষ্টা নকৰিলে। বিৰোধীসকলে আশংকা কৰিছে যে যদিহে বিধেয়কখন গৃহীত হয়, তেন্তে এফালে জন্ম-মৃত্যুৰ তথ্য সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যৰ অধিকাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব পাৰিব ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনপিআৰ) সৃষ্টি কৰাত সহায় কৰিব চৰকাৰক ।
জন্ম আৰু মৃত্যু সংশোধনী আইন, ১৯৬৯ বলবৎ হোৱাৰ পিছত শিশুৰ জন্ম অভিলেখৰ ই-পঞ্জীয়ন বাধ্যতামূলক হ’ব। সেই নামভৰ্তিৰ পূৰ্বচৰ্ত হিচাপে পিতৃ-মাতৃৰ আধাৰ নম্বৰ প্ৰদান কৰিব লাগিব ৷ সূত্ৰ অনুসৰি ইয়াৰ ফলস্বৰূপে এই আইনখন গৃহীত হোৱাৰ পিছত দেশত জন্ম লোৱা সকলো শিশুৰ ৰেকৰ্ড ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰইয়ো লাভ কৰিব ৷ ভৱিষ্যতে জন্মৰ প্ৰমাণ পত্ৰখন বিদ্যালয়ত নামভৰ্তি, বাহনৰ অনুজ্ঞাপত্ৰ, ভোটাৰ পঞ্জীয়ন, বিবাহ পঞ্জীয়ন, চৰকাৰী চাকৰি আনকি পাছপ’ৰ্ট বা আধাৰ কাৰ্ডৰ বাবেও ব্যৱহাৰ কৰা হ’ব। ইয়াৰ বাহিৰেও এই ব্যৱস্থাৰ অধীনত ই-চার্টিফিকেট পোৱা শিশুৱে ১৮ বছৰ বয়স হ’লেই স্বয়ংক্ৰিয়ভাৱে ভোটাৰ তালিকাত স্থান লাভ কৰিব৷
গৃহ মন্ত্ৰণালয়ে জনোৱা মতে, অনুপ্ৰৱেশকাৰী অবৈধ লোকে এতিয়া স্থানীয় ৰাজনৈতিক দলৰ সহায়ত ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড বা আধাৰ বা পাছপ’ৰ্ট তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু অনাগত দিনত চৰকাৰী সুবিধা লাভৰ বাবে কেৱল জন্মৰ প্ৰমাণ পত্ৰহে বিবেচনা কৰা হ’ব। ফলত অনুপ্ৰৱেশকাৰীক চৰকাৰী সুবিধা লাভ কৰাত বাধা দিব পৰা যাব । মৃত্যুৰ ক্ষেত্ৰতো প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ লিখাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যদি কোনো ব্যক্তিৰ মৃত্যু হয় তেন্তে সেই ব্যক্তিজনৰ নাম ভোটাৰ তালিকাৰ পৰা স্বয়ংক্ৰিয়ভাৱে বাদ পৰিব। ফলত ভুৱা ভোটাৰক ৰোধ কৰা হ’ব বুলি কেন্দ্ৰই আশা প্ৰকাশ কৰিছে।
বিৰোধী শিবিৰৰ মতে, চৰকাৰে এই বিধেয়কখন গৃহীত কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ন কৰিব বিচাৰিছে। বিবাদৰ বাবে এতিয়া সমগ্ৰ দেশতে বন্ধ হৈ আছে ইয়াৰ কাম ৷ সেয়ে কাম ক্ষিপ্ৰ কৰিবলৈ সংশোধিত আইনখন আনিব বিচাৰিছে কেন্দ্ৰই। ইয়াৰ বাহিৰেও জন্ম-মৃত্যুৰ ৰেকৰ্ড ৰখাৰ দায়িত্ব ইমান দিনে ৰাজ্যৰ হাতত আছিল। কিন্তু নতুন আইনখনৰ অধীনত এতিয়া একেখিনি তথ্য কেন্দ্ৰীৰ লগতে ৰাজ্যিক ডাটাবেছতো সংৰক্ষণ কৰা হ’ব, যিটো বিৰোধী দলসমূহে ফেডাৰেল গাঁথনিত কেন্দ্ৰীয় হস্তক্ষেপ বুলি অভিযোগ কৰিছে ৷