ভাৰতীয় নৌসেনাই জনোৱা মতে, বৃহস্পতিবাৰে পুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তত ৰহস্যজনক অৱস্থাত ভাৰতীয় নৌসেনাৰ এজন ১৯ বছৰীয়া নাৱিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নৌসেনাৰ মতে, চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো ৷ যাৰ বাবে এয়া এক আত্মহত্যাৰ গোচৰ বুলি সন্দেহ কৰা হৈছে ৷
এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে, “প্ৰাথমিকভাৱে ই আত্মহত্যাৰ গোচৰ যেন লাগে। বিধিগত তদন্ত ব’ৰ্ডৰ নিৰ্দেশ দিয়া হৈছে। স্থানীয় আৰক্ষীত গোচৰ ৰুজু কৰা হৈছে। অধিক তদন্ত অব্যাহত আছে।“