চীনে অৰুণাচল প্ৰদেশত বাস কৰা ভাৰতীয় খেলুৱৈক ষ্টেপল্ড ভিছা (সাধাৰণ ভিছা নহয়) প্ৰদান কৰিছে। সেই দেশৰ চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত ভাৰতে সমগ্ৰ দলটোক ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছলৈ প্ৰেৰণ নকৰিলে ৷ ইয়াৰ পৰাই অনুমান কৰা হৈছে যে অনাগত দিনত কেন্দ্রীয় চৰকাৰে চীনৰ অৰুণাচল নীতিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব পাৰে৷
বৃহস্পতিবাৰে মাজনিশা দিল্লীৰ পৰা চীন অভিমুখী বিমানত উঠাৰ কথা আছিল ভাৰতৰ ৮ জনীয়া ৱুশ্বু (এবিধ যুদ্ধ কলা)ৰ দল। বিমানত উঠাৰ কেইমিনিটমান পূৰ্বে সমগ্ৰ দলটোক দিল্লী বিমানবন্দৰত ৰখাই দিয়া হয়। ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছত অংশগ্ৰহণ কৰিবলৈ চীনৰ চেংডুলৈ গৈছিল দলটো। দলটোত আছিল পাঁচজন খেলুৱৈ, দুজন সহায়ক কৰ্মচাৰী আৰু প্ৰশিক্ষক ৰাঘবেন্দ্ৰ সিং। এই গোটত অৰুণাচলৰ কোনো বাসিন্দা নাছিল। কিন্তু প্ৰথম অৱস্থাত অৰুণাচলৰ তিনিজন ৱুশ্বু খেলুৱৈও যাবলগীয়া আছিল । ১৬ জুলাইত সমগ্ৰ দলটোৱে চীনৰ ভিছাৰ বাবে আবেদন কৰিছিল। সকলোকে ভিছা দিয়া হৈছিল যদিও অৰুণাচলৰ সেই তিনিজন খেলুৱৈৰ ভিছা প্ৰদান কৰা নাছিল চীন কৰ্তৃপক্ষই। চীনৰ দূতাবাসে নেইমান ৱাংছু, অনিলু টেগা আৰু মেপুং লামগু নামৰ তিনিগৰাকী খেলুৱৈক মঙলবাৰে পুনৰ ভিছাৰ বাবে আবেদন কৰিবলৈ কয়। বুধবাৰে বিয়লি তেওঁলোকক ষ্টেপল্ড ভিছা প্ৰদান কৰা হয়।
দলটোৰ প্ৰশিক্ষক ৰাঘবেন্দ্ৰই কয় যে তেওঁলোকক অভিবাসন বিভাগৰ বিষয়া আৰু চিআইএছএফৰ কৰ্মীয়ে আটক কৰি ৰাখিছে। তেওঁ কয়-‘ চীনৰ বিমানত আমাক উঠাবলৈ দিয়া হোৱা নাছিল। আমাক কোনো কাৰণ কোৱা হোৱা নাছিল। জোৱানসকলে কেৱল কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মানি চলিছে বুলি কয়।” সূত্ৰই জনোৱা মতে, আঠজনীয়া ৱুশ্বু দলটোত অৰুণাচলৰ কোনো বাসিন্দা নাছিল যদিও কেন্দ্ৰটোৱে শেষ মুহূৰ্তত দলটোক. চীনৰ স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি যোৱাৰ অনুমতি প্ৰদান নকৰিলে । ভাৰতীয় ৱুশ্বু ফেডাৰেচনৰ এজন বিষয়াই নিজৰ নাম প্ৰকাশ নকৰাকৈয়ে কয় যে, চীনৰ বৈষম্যমূলক আচৰণৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰে কোনো ভাৰতীয় খেলুৱৈক চীনলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে। এনে পৰিস্থিতিত কোনো ভাৰতীয় নাগৰিকে চীন ভ্ৰমণ কৰিব নালাগে। গতিকে চীনত আয়োজন কৰা প্ৰতিযোগিতাত ৱুশ্বু খেলুৱৈক অংশগ্ৰহণ কৰিবলৈ চৰকাৰ ইচ্ছুক নহয়। গতিকে দলৰ সকলো ঠিকেই আছিল যদিও কাকো বিমানত উঠিবলৈ দিয়া হোৱা নাছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় –‘ চীনৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয়। এনে ঘটনাৰ প্ৰতি যথাযথ প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ ভাৰতৰ আছে। আমাৰ সহজ স্থিতি হ’ল বৈধ ভাৰতীয় পাছপ’ৰ্ট থকা ভাৰতীয় নাগৰিকক ভিছা প্ৰদানৰ ক্ষেত্ৰত কোনো বৈষম্য হ’ব নালাগে।এনে ঘটনা মানি ল’ব নোৱাৰি। কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমি চীনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক তীব্ৰ প্ৰতিবাদ জনাইছো। এই ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট।‘
ৰাজনৈতিক কাৰণত চীনে অৰুণাচল প্ৰদেশক ভাৰতৰ অংশ হিচাপে স্বীকৃতি নিদিয়ে। গতিকে অৰুণাচলৰ কোনো বাসিন্দাই যদি চীনলৈ যাব বিচাৰে তেন্তে চীনৰ অভিবাসন বিভাগে তেওঁৰ পাছপ’ৰ্টত তেওঁৰ ভিছা অনুমোদনৰ ষ্টাম্প নকৰে। যাৰ বাবে ষ্টেপল্ড ভিছা দিয়া হৈছে। অৰ্থাৎ পাছপ’ৰ্টত ভিছা অনুদানৰ ষ্টাম্প থকা এখন সুকীয়া কাগজ ষ্টেপল কৰা হয়। পিছত যদি কাগজখন ফাটি যায় তেন্তে সংশ্লিষ্ট ব্যক্তিজনৰ ভাৰতীয় নাগৰিক হিচাপে চীন ভ্ৰমণৰ কোনো ৰেকৰ্ড ভাৰতীয় কৰ্তৃপক্ষৰ হাতত নাথাকিব । নতুন দিল্লীয়ে চীনৰ এই নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এছিয়ান গেমছকো প্ৰতিবাদ হিচাপে বাছি লোৱা হ’ব পাৰে।ইয়াৰ পূৰ্বেও চীনে অৰুণাচল প্ৰদেশৰ খেলুৱৈক ষ্টেপল্ড ভিছা প্ৰদান কৰাৰ কেইবাটাও দৃষ্টান্ত দেখা গৈছে। ইয়াৰ পূর্বে কেন্দ্রই প্রতিবাদ কৰিছিল যদিও দল প্রেৰণ নকৰাৰ দৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাছিল৷