অবৈধ ভাৱে নিযুক্তি লাভ কৰা পৌৰ নিগমৰ ৪০ গৰাকী কৈ কাৰ্য্যালয় সহায়কক বৰ্খাস্ত কৰাৰ ঘটনাই অসমত নিযুক্তিৰ ক্ষেত্ৰত চলি থকা চূড়ান্ত অনিয়মৰ স্বৰূপ পুনৰবাৰ উদঙাই দিলে। এই ৪০ গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে নিগমৰ পূৰ্বৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ দিনত বক্র পথেৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপিত হৈছে।
নিগমৰ এই ৪০ গৰাকী কৰ্মচাৰীৰ নিযুক্তিৰ ক্ষেত্ৰত দেখা দিয়া বিসংগতি সন্দৰ্ভত পূৰ্বতেও চৰ্চা চলিছিল। কিন্তু কথাবোৰ ৰাজহুৱা হোৱা নাছিল।
এই সন্দৰ্ভত নতুন আয়ুক্ত দেৱশীষ শৰ্মাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ৰাজ্য চৰকাৰক তদন্তৰ প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই গুৱাহাটী পৌৰ নিগমৰ ৪০ জন কাৰ্য্যালয় সহায়কক বৰ্খাস্ত কৰা হয়।
বৰ্খাস্ত কৰা লোকসকলৰ ভিতৰত জিতেন্দ্ৰ নাথ, কুশল হাজৰিকা, মনোজ তালুকদাৰ, ডৰথী হাজৰিকা, জ্যোতিস্না মেধি, সঞ্জীৱ ওজা, সভ্যৰাণী ভাৰতী, স্মিতা বৰুৱা, ডিম্বেশ্বৰ কলিতা, অজন্তা দাস, মুনীন্দ্ৰ নাথ, ভগৱান বৰ্মণ, ৰিজুমনি বৰুৱা, হৰেণ মালাকাৰ, প্ৰণিতা কলিতা, পংকজ দে’, দীপা ডেকা, উৎপল বৰ্মন, মিনাক্ষী বেগম, কৌশিক ডেকাকে ধৰি অন্যান্য ২০ জনৰ নাম পোহৰলৈ আহিছে।
শনিবাৰে সংবাদ মাধ্যমক এই কথা জনাই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে কয় যে এই কাণ্ডত যিসকল বিষয়া, কৰ্মচাৰী, মন্ত্ৰী আমোলা জড়িত আছে সকলোৰে বিৰুদ্ধে তদন্ত হ’ব।