ধৰ্মীয় অনুষ্ঠান পালন কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ চাৰিজন লোকৰ মৃত্যু হয়। ঝাৰখণ্ডৰ বোকাৰো জিলাত শনিবাৰে পুৱা মহৰমৰ তাজিয়া পৰিবেশন কৰি থকা অৱস্থাত বিদ্যুতৰ তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ চাৰিজন লোকৰ মৃত্যু হয় ৷আহত হয় আন ১০ জন লোক । এই খবৰ প্ৰকাশ কৰিছে সংবাদ সংস্থা পিটিআইয়ে। যোৱা মাহত উলোটা ৰথৰ সময়ত ত্ৰিপুৰাত বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত ৭ জন লোকৰ মৃত্যু হৈছিল।
পিটিআইৰ সূত্ৰ অনুসৰি শনিবাৰে পুৱা ৬ বজাত মহৰম শোভাযাত্ৰাৰ সময়ত লোহাৰ ৰডত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ তাঁৰত লাগি যায় ৷ ফলত কেইবাজনো লোক আহত হয়। আহতসকলক চিকিৎসাৰ বাবে বোকাৰোৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি ১৩ জন লোক আহত হৈছে। ইয়াৰে ৯ জনৰ অৱস্থা সংকটজনক।
বিগত মাহত ত্ৰিপুৰাৰ উনকোটি জিলাৰ কুমাৰঘাটত ওলোটা ৰথ যাত্ৰাৰ সময়ত ৰথখনৰ ওপৰ অংশই ওখ বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰাত জুই লাগিছিল। ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি এই ঘটনাত ৩টা শিশু আৰু তিনিগৰাকী মহিলাসহ মুঠ ৭জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় ১৬ জন লোক।