সদ্য পাকিস্তানৰ সৈতে তালিবানৰ সম্পৰ্ক থকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।২৫ আগষ্টত পাকিস্তান চৰকাৰৰ জেষ্ঠ নেত্ৰী নীলম ইৰ্ছাদ শ্বেখে ঘোষণা কৰিছিল যে কাশ্মীৰ দখল কৰিবলৈ ভাৰতৰ চিৰশত্ৰু দেশ পাকিস্তানে সহায় ল’ব তালিবান সন্ত্ৰাসবাদীৰ।দেশখনলৈ কৰা এই চৰম হুংকাৰৰ পিছতেই এতিয়া ভাৰতৰ হৈ মন্ত্ৰী গৰাকীয়ে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত আপোচ নকৰাৰ সকীয়নী প্ৰদান কৰিছে।
বৰ্বৰভাৱে হত্যাযজ্ঞ চলাই আফগানিস্তান দখল কৰা পিছতে কেন্দ্ৰীয় মন্ত্ৰীজনে ভাৰতে কোনো কাৰণতে সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিয়ে বুলি স্পষ্ট কৰি দিছিল।ইয়াৰপিছতেই পুনৰ কোনো নাম উল্লেখ নকৰাকৈয়ে প্ৰয়োজনত চুবুৰীয়া ৰাষ্ট্ৰত প্ৰৱেশ কৰি হলেও সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ হুংকাৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে।
তামিলনাডুৰ ৱেলিংটনৰ ডিফেন্স ছাৰ্ভিছৰ ষ্টাফ কলেজৰ এক অনুষ্ঠানত অংশ লৈ মন্ত্ৰীজনে কয় যে দুখনকৈ যুদ্ধত পৰাজিত হৈও এনেদৰে এক ছায়াযুদ্ধ চলাই গৈছে দেশখনে।সন্ত্ৰাসবাদ যেন ৰাষ্ট্ৰ নীতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে তেওঁলোকৰ।ভাৰতক লক্ষ্য হিচাপে লৈ সন্ত্ৰাসবাদীক অস্ত্ৰ আৰু পুঁজি যোগান তথা প্ৰশিক্ষণ প্ৰদানেৰে সৱল কৰি আনিছে।
বিপৰীতে ভাৰতে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ।সেইয়েহে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰি ভাৰতত যদি কোনোবাই বিঘ্নিত কৰাৰ চেষ্টা কৰে তেন্তে তেনে ৰাষ্ট্ৰক কোনো কাৰণতে এৰি দিয়া নহ’ব বুলিও সকীয়াই দিয়ে মন্ত্ৰীজনে।
আফগানিস্তানত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই কঠোৰ সকীয়নীয়ে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।বালাকোটৰ ছাৰ্জিকেল ষ্ট্ৰাইকাৰ উদাহৰণ দি মন্ত্ৰীজনে কয় যে সীমান্তত যথেষ্ঠ প্ৰত্যাহ্বান থাকিলেও দেশৰ নিৰাপত্তাক লৈ কোনো কাৰণতে আপোচ নকৰাৰ কথাটো দেশৰ জনসাধাৰণে ইতিমধ্যে বুজি উঠিছে।
দুয়োখন দেশৰ মাজত অব্যাহত থকা যুদ্ধবিৰতি সফল হৈছে আমাৰ শক্তিৰ বাবেই। লগতে দেশৰ নিৰাপত্তাৰ স্বাৰ্থত ইণ্টিগ্ৰেটেড বেটেল গ্ৰুপছ গঠনকে ধৰি বিভিন্ন সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কথাও উল্লেখ কৰে।
ইফালে আফগানিস্তানৰ ৰাজনৈতিক পৰিবৰ্তন যে ভাৰতৰ বাবে এক প্ৰত্যাহ্বান হৈ উঠিছে সেই কথা স্বীকাৰ কৰি তেওঁ কয় যে তালিবানক লৈ ভাৰত চৰকাৰে কৌশল পৰিবৰ্তন কৰাৰো ইংগিত প্ৰদান কৰে।পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত ভাৰতে কৌশল পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈ চৰ্তুদেশীয় সংগঠন ’কুৱাড’ গঠন এনে কৌশলৰে অংশ বিশেষ বুলি উল্লেখ কৰে।
উল্লেখ যোগ্য যে আফগানিস্তানৰ প্ৰাক্তন উপ-বৈদশিক মন্ত্ৰী মাহমুদ ছাইকালে টুইটাৰৰ যোগে দাবী কৰিছে যে-ভাৰতৰ সৈতে মোকামিলা কৰিবলৈ পাকিস্তানে তালিবানৰ জন্ম দিছে। এই বিস্ফোৰক মন্তব্য কৰি উপ-বৈদেশিক মন্ত্ৰীজনে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ এক মন্তব্য উনুকিয়াই এই চিৰশত্ৰু ৰাষ্ট্ৰখনক তীব্ৰ সমালোচনা কৰে।
যিহেতু পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জনে পূৰ্বতে নিজেও পাকিস্তানে তালিবানৰ জন্ম দিয়াৰ কথা উল্লেখ কৰিছিল।