মণিপুৰৰ হিংসাৰ আন এক ভয়ানক ছবি পোহৰলৈ আহিছে। শেহতীয়াকৈ বিগত তিনিমাহত সেই ৰাজ্যৰ পৰা ৩০ জন ব্যক্তি নিৰুদ্দেশ হৈছে। তেওঁলোকৰ সন্ধান উলিয়াবলৈ অভিযান চলোৱা হৈছে যদিও এতিয়ালৈকে কোনো এজন লোককে উদ্ধাৰ কৰিব পৰা নাই। এনে পৰিস্থিতিত নিৰুদ্দেশ হোৱা লোকসকলৰ পৰিয়ালে হতাশাত ভুগিবলৈ আৰম্ভ কৰিছে ৷
নিৰুদ্দেশ হোৱা লোকৰ তালিকাত জ্যেষ্ঠ সাংবাদিকৰ লগতে ছাত্ৰ-ছাত্ৰীও অন্তৰ্ভুক্তহৈ আছে । ৩ মে’ৰ পৰা মণিপুৰত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হৈছে। এই সময়ছোৱাত সেই ৰাজ্যত কেইবাটাও হত্যাকাণ্ড, দলৱদ্ধ সংঘৰ্ষ পোহৰলৈ আহিছে। ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি ইতিমধ্যে ৬০০০ এফআইআৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ পৰা জানিব পৰা গৈছে যে এতিয়ালৈকে ৩০ জন লোকৰ সন্ধান পোৱা নাই। অৱশ্যে এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
৬ মে’ৰ পৰা সন্ধানহীন হৈ আছে সাংবাদিক, গৱেষক তথা সমাজকৰ্মী অটম সমৰেন্দ্ৰ সিং। তেওঁৰ সহযোগী যমখৈবাম কিৰণকুমাৰ সিংকো পোৱা নগ’ল। সমৰেন্দ্ৰৰ পত্নী কবিতাই কয় যে তেওঁৰ স্বামীয়ে ৰাজ্যৰ হিংসাত্মক অঞ্চললৈ গৈ বাতৰি সংগ্ৰহ কৰিছিল। পৰিয়ালটোৱে তেওঁৰ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে। সমৰেন্দ্ৰৰ পুত্ৰ থিয়েনবাৰ ভাষাত, “দেউতাই বিচাৰিছিল মই এজন বিজ্ঞানী হওঁ। পৰিয়ালত দেউতা আছিল একমাত্ৰ উপাৰ্জনকাৰী। দেউতা কেতিয়া ঘূৰি আহিব নাজানো।”
১৭ বছৰীয়া হিজাম লুয়াংবি লিন্থোইংগাম্বিয়ে চিকিৎসক হোৱাৰ সপোন দেখিছিল। ৬ জুলাইৰ পুৱা সান্ধ্য আইন আংশিকভাৱে শিথিল কৰাৰ পিছত তেওঁ ভাবিলে পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে। গতিকে প্ৰায় দুমাহৰ পিছত বন্ধুৰ বাইকত নেট কোচিং লবলৈ ওলাই গ’ল। কিন্তু তেওঁ আৰু উভতি নাহিল ৷ চুৰাচান্দপুৰ জিলাত হিজামৰ ফোন উদ্ধাৰ হোৱাৰ বিপৰীতে বিষ্ণুপুৰ জিলাত তেওঁৰ বন্ধুৰ ফোন উদ্ধাৰ হয়।
৩ মে’ত ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (ATSUM)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সেইদিনা ৰাতিৰ পৰাই সংখ্যাগৰিষ্ঠ মেইটেই জনজাতি গোটৰ অন্তৰ্গত কুকিসকলৰ লগত বিভিন্ন অঞ্চলত সংঘৰ্ষত লিপ্ত হয়। তাৰ পাছত তিনিমাহ পাৰ হৈ গ’ল যদিও এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই ৷