আয়কৰ বিভাগে মধ্যপ্ৰদেশৰ এগৰাকী শিক্ষকলৈ ৭ কোটি টকাৰ আয়কৰ জাননী প্ৰেৰণ কৰে। মধ্যপ্ৰদেশৰ শিক্ষকগৰাকীৰ মৃত্যু হৈছিল ২০১৩ চনত। তাৰ পিছত ১০ বছৰ পাৰ হৈ গ’ল। এই সময়ত আয়কৰ বিভাগৰ পৰা সাত কোটি টকাৰ জাননী পাই তেওঁৰ পৰিয়ালৰ লোকসকল স্তম্ভিত হৈ পৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি শিক্ষয়িত্ৰীগৰাকীৰ নাম উষা ছোনী। ২০১৩ চনৰ ১৬ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। অৱশ্যে তেওঁৰ পুত্ৰ পৱন ছোনীয়ে কয় যে আয়কৰ বিভাগে ২০১৭-১৮ বিত্তীয় বৰ্ষত কৰ ফাঁকিৰ বাবে উষাৰ নামত ৭ কোটি টকাৰ জাননী প্ৰেৰণ কৰিছে।
জাননী পোৱাৰ পিছত পৱনে স্থানীয় থানাত গৈ এজাহাৰ দাখিল কৰে। কোনোবাই এই অপৰাধ সংঘটিত কৰিবলৈ ঊষাৰ পেন কাৰ্ডৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।
সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশৰ বেতুল জিলাত কমেও ৪৪জন লোকক ১ কোটিৰ পৰা ১০ কোটি টকাৰ কৰ ফাঁকিৰ জাননী প্ৰেৰণ কৰা হৈছে। নীতিন জৈন নামৰ এজন লোহাৰ ব্যৱসায়ীলৈ ১.২৬ কোটি টকাৰ জাননী প্ৰেৰণ কৰা হৈছে। নিতিনে তেওঁৰ পেন কাৰ্ড ব্যৱহাৰ কৰি লেনদেনৰ বাবে ভুৱা একাউণ্ট খোলাৰ অভিযোগ উত্থাপন কৰে। আৰু সেইবাবেই তেওঁৰ নামত কৰ ফাঁকিৰ জাননী প্ৰেৰণ কৰা হৈছে। বেতুলৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ চৌধুৰীয়ে কয় যে প্ৰথম অৱস্থাত এই সকলোবোৰ ঘটনা পান কাৰ্ড জালিয়াতিৰ বাবেই সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। সমগ্ৰ বিষয়টো চাবলৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।