সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ সন্দৰ্ভত দেশৰ শীৰ্ষ আদালতত কেইবাটাও গোচৰ ৰুজু হৈছে। বুধবাৰৰ পৰা উচ্চতম ন্যায়ালয়ে এই গোচৰসমূহৰ ধাৰাবাহিক শুনানি আৰম্ভ কৰিছে ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কেন্দ্ৰ আৰু আৱেদনকাৰীসকলৰ যুক্তি শুনিব । ন্যায়াধীশ চন্দ্ৰচুড়ৰ উপৰিও এই বিচাৰপীঠত আছে ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাৱৈ আৰু ন্যায়াধীশ সূৰ্য কান্ত।
বুধবাৰৰ পৰা প্ৰতিটো কৰ্মদিনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰসমূহৰ। অৱশ্যে সোমবাৰ আৰু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত অন্যান্য গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। গতিকে সপ্তাহৰ সেই দুদিনত এই গোচৰৰ শুনানি নহ’ব। ১১ জুলাইত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ২৭ জুলাইৰ ভিতৰত সকলো পক্ষই আদালতত আবেদন দাখিল কৰিব লাগে। নিৰ্দিষ্ট সময়ৰ পিছত কোনো আৱেদন গ্ৰহণ কৰা নহ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছে।
২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰই সংসদক জনাইছিল যে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে। ফলত কাশ্মীৰে বিশেষ মৰ্যাদা হেৰুৱাই পেলায় । জম্মু-কাশ্মীৰ ৰাজ্যক দুভাগ কৰি জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল দুটা গঠন কৰা হয়। এই সিদ্ধান্তৰ যুক্তিযুক্ততাক লৈ প্ৰশ্ন উত্থাপন কৰি কেইবাটাও গোচৰ আদালতত ৰুজু কৰা হৈছিল।