নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰা এটা গোচৰত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে ট্ৰাম্পৰ বিৰুদ্ধে । তদন্তত যদি এই অভিযোগ সত্য বুলি প্ৰমাণিত হয় তেন্তে ২০ বছৰৰ কাৰাদণ্ড হ’ব পাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ । তদুপৰি ট্ৰাম্পে এজন ব্যক্তিক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপন কৰিছে । যদিহে এই অভিযোগ তদন্তত প্ৰমাণিত হয় তেন্তে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। দেশৰ স্পৰ্শকাতৰ তথ্য চুৰিৰ অভিযোগত আৰম্ভ হোৱা তদন্তত বাধা দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে ট্ৰাম্পৰ বিৰুদ্ধে। দোষী সাব্যস্ত হ’লে তেওঁক সৰ্বাধিক ২০ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। এইদৰে ট্ৰাম্পৰ বিৰুদ্ধে ৰুজু হোৱা ৭৮টা অভিযোগৰ প্ৰতিটো অভিযোগত দোষী সাব্যস্ত হ’লে তেওঁ ১০০ বছৰ পৰ্যন্ত কাৰাদণ্ড লাভ কৰিব ৷
কিন্তু ট্ৰাম্পে বাৰে বাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। অভিযোগ অনুসৰি ২০২৪ চনৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা জো বাইডেন প্ৰশাসনে তেওঁক আঁতৰাই নিয়াৰ ষড়যন্ত্ৰ কৰিছে। আমেৰিকা প্ৰশাসনৰ এক সূত্ৰৰ মতে, সকলো অভিযোগতে দোষী সাব্যস্ত হ’লে ট্ৰাম্পে এশ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নাই। কিন্তু প্ৰশাসনৰ সৈতে জড়িত সকলোৱে অনুভৱ কৰে যে দেশৰ প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীৰ বিৰুদ্ধে ইমানবোৰ অভিযোগ দাখিল কৰাটো অভূতপূৰ্ব।
শেহতীয়াকৈ ট্ৰাম্পে হোৱাইট হাউছৰ পৰা ওলাই যোৱাৰ সময়ত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু পাৰমাণৱিক গৱেষণাৰ সৈতে জড়িত প্ৰায় ১০০খন নথি ফ্ল’ৰিডাৰ ঘৰলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল। দেশৰ প্ৰাক্তন ৰিপাব্লিকান ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে দাখিল কৰা ৪৯ পৃষ্ঠাৰ অভিযোগনামাৰ ভিত্তিত তদন্ত আৰম্ভ হৈছে । ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত ৩৭টা অভিযোগৰ ভিতৰত ৩১টা অভিযোগৰ ভিত্তি হৈছে যে তেওঁ “ইচ্ছাকৃতভাৱে দেশখনৰ গুৰুত্বপূৰ্ণ আৰু গোপন নথি-পত্ৰ নিজৰ লগত ৰাখিছিল”। ট্ৰাম্পে জ’ বাইডেন প্ৰশাসনে ন্যায়পালিকাক আহিলা হিচাপে ব্যৱহাৰ কৰি তেওঁক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।