উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ নামভৰ্তি সন্দৰ্ভত চৰকাৰৰ অস্পষ্ট নীতিয়ে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে লাখ লাখ শিক্ষাৰ্থীকো বিপাঙত পেলাইছে। বিগত বৰ্ষত বিনামূলীয়াকৈ শিক্ষাৰ সুবিধা দিয়া চৰকাৰখনে এই বছৰ নামভৰ্তি সন্দৰ্ভত কোনো স্পষ্ট নিৰ্দেশনা জাৰী কৰা নাই।
সেই প্ৰেক্ষাপটত শিক্ষানুষ্ঠানসমূহেও কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। পৰিণতিত মহাবিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন প্ৰ-পত্ৰ সংগ্ৰহ কৰিও এতিয়ালৈকে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা নাই।
কোন শিক্ষানুষ্ঠানত পঢ়াৰ সুযোগ পাব অথবা কেনে ধৰণেৰে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব এনেবোৰ চিন্তাই বিমোৰত পেলাইছে শিক্ষাৰ্থীক। উল্লেখ্য যে প্ৰ-পত্ৰ পূৰণৰ সময়ত একাংশ চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়ে শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছিল। সেই অভিযোগৰ ভিত্তিত যোৱা ২ আগষ্টত উচ্চ শিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ ধন সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ দিছিল।
অহা ৩১ আগষ্টত উচ্চতৰ মাধ্যমিকৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ অন্ত পৰিব। আনহাতে অক্টোবৰ মাহৰ ১ তাৰিখৰ পৰা মহাবিদ্যালয়সমূহক শ্ৰেণীকাৰ্য আৰম্ভ কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগে নিৰ্দেশ প্ৰদান কৰিছে। সেই ভিত্তিত ছেপ্তেম্বৰ মাহৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব লাগিব।
বিগত বৰ্ষত চৰকাৰে বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে মহাবিদ্যালয়সমূহক নামভৰ্তিৰ সমস্ত ধন পৰিশোধ কৰিছিল। এইবাৰ দুই লাখতকৈ কম আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীক বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছে চৰকাৰে। কিন্তু এই পৰ্যন্ত মহাবিদ্যালয়সমূহক কোনো স্পষ্ট নিৰ্দেশনা নিদিয়াৰ বাবে বন্ধ হৈ আছে নামভৰ্তিৰ সমস্ত প্ৰক্ৰিয়া।
প্ৰতিদিন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি নামভৰ্তিৰ মাচুল সম্পৰ্কীয় অফিচ মেম’ৰেণ্ডাম(কাৰ্যালয় স্মাৰক)খনত ইতিমধ্যে স্বাক্ষৰ কৰিছে শিক্ষা মন্ত্ৰীয়ে। কিন্তু ৰহস্যজনক কাৰণত মাচুল সংক্ৰান্তীয় এই স্মাৰকখন এতিয়াও টেবুলতে পৰি ৰৈছে বুলি বাতৰিটোত প্ৰকাশ পাইছে। অৱশ্যে ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত এইখন প্ৰকাশ পোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰা হৈছে।