ভাৰতৰ নামী-দামী কোম্পানী অইল ইণ্ডিয়াই গ্ৰেড ৩ ৰ চাকৰিৰ পদৰ বাবে আবেদন জাৰি কৰিছে। উপযুক্ত শিক্ষাগত যোগ্যতা থাকিলে ইচ্ছুক প্ৰাৰ্থীসকলে ২৩ চেপ্তেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব এই চাকৰিৰ বাবে। এই সংক্ৰান্তীয় তথ্য বিষদভাৱে জানিব বিচাৰিলে ইণ্ডিয়ান অইলৰ oil-india.com ত আবেদনকাৰীয়ে যোগাযোগ কৰিব লাগিব।
উল্লেখ্য যে সৰ্বমুঠ ৩০০ টা পদত মুঠতে ৫৩৫ জনক নিয়োগ কৰিব ইণ্ডিয়ান অইল কৰ্তৃপক্ষই। ৩০০ টা পদত থকা বিভিন্ন শাখাত কিমান প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব সেই তালিকা তলত উল্লেখ কৰা হ’ল-
- ইলেকট্ৰিচিয়ান ট্ৰেড – ৩৮
- ফিটাৰ ট্ৰেড- ১৪৪
- মেকানিক মটৰ ভেহিকেল ট্ৰেড-৪২
- মেকানিষ্ট ট্ৰেড-১৩
- মেকানিক ডিজেল ট্ৰেড-৯৭
- ইলেকট্ৰনিকছ মেকানিক ট্ৰেড-৪০
- বয়লাৰ এটেনডেন্ট- ০৮
- টাৰ্নাৰ ট্ৰেড-০৪
- ড্ৰাফ্টমেন চিভিল ট্ৰেড-০৮
- ইনস্ট্ৰুমেন্ট মেকানিক ট্ৰেড-৮১
- Physics, Chemistry and Mathematics – ৪৪
- চাৰ্ভেয়াৰ ট্ৰেড- ০৫
- ওয়েল্ডাৰ ট্ৰেড-০৬
- IT&ESM / ICTSM / আইটি ট্রেড -০৫
উল্লেখ্য যে এই বিপূলসংখ্যক নিয়োগৰ ক্ষেত্ৰত বেলেগ বেলেগ যোগ্যতা থাকিব লাগিব প্ৰাৰ্থীসকলৰ। প্ৰাৰ্থীসকলে অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবচাইট oil-india.comত এই বিষয়ে জানিব পাৰিব ।
প্ৰাপ্ত তথ্য মতে এই ক্ষেত্ৰত আবেদনকাৰীৰ বয়স হ’ব লাগিব ১৮ ৰপৰা ৩০ বছৰ । জাতি – জনজাতি লোকৰ বাবে এই বয়স ১৮ ৰ পৰা ৩৫ বছৰ। আনহাতে OBC (Non-Creamy Layer) সকলৰ বাবে বয়সৰ সময়সীমা ১৮ ৰ পৰা ৩৩ বছৰ।
উল্লেখ্য যে কম্পিউটাৰ টেষ্ট বা (CBT) ৰ মাধ্যমেৰে প্ৰাৰ্থী বাচনি কৰা হ’ব। আগন্তুক ২৩ চেপ্তেম্বৰৰ ভিতৰত আবেদনকাৰীয়ে oil-india.com ত আবেদন কৰিব লাগিব।